পৰীক্ষামূলক ব্যৱহাৰত ইতিবাচকতা লাভ কৰাৰ পাছতেই দেশৰ সকলো ট্ৰেইনৰ সকলো ডবা আৰু ইঞ্জিনত চিচিকেমেৰা লগোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথা জনাইছে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে৷ ৰে’লৰ বিবৃত্তিত কোৱা হৈছে, ‘এই পদক্ষেপৰ ফলত যাত্ৰীসুৰক্ষাৰ বিষয়টো উল্লেখযোগ্যভাৱে উন্নত হ’ব৷ যাত্ৰীসকলৰ সৰলতাৰ সুযোগ লয় দুষ্কৃতীকাৰীয়ে৷ কেমেৰাৰ সহায়ত এই ধৰণৰ ঘটনা উল্লেখযোগ্য হাৰত কমোৱা যাব৷
শনিবাৰে ৰে’লমন্ত্ৰী বৈষ্ণৱ আৰু ৰে’ল প্ৰতিমন্ত্ৰী ৰভনীত সিংহ বিট্টুৱে ৰে’লৰ ডবা আৰু লোকোমোটিভত চিচিটিভি কেমেৰা লগোৱাৰ কাম আগুৱাইছে৷ তেওঁলোকৰ সৈতে আছে ৰে’ল বৰ্ডৰ কৰ্তাসকলো৷ ৰে’ল সূত্ৰৰ খবৰ অনুসৰি শীঘ্ৰেই ১৫ হাজাৰ লোকোমোটিভ আৰু ৭৮ হাজাৰ কোচত চিচিকেমেৰা লগোৱা হব৷ প্ৰতিটো কোচত মুঠ ৪টাকৈ চিচি কেমেৰা লগোৱা হব৷ লোকোমটিভত থাকিব ৬টা নজৰদাৰী কেমেৰা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















