অতিকে শোকাৱহ, ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৩ গৰাকীয়ে, ৩০ আহত
নিশাৰ ভাগত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱালে ১৩ গৰাকীকৈ লোকে। ইয়াৰ উপৰি ৩০ গৰাকী মান লোক গুৰুতৰভাৱে আহত হয়। এই ভয়ংকৰ তথা শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডৰ ৰায়পুৰ-বালোদাবজাৰত।
এখন সৰু ট্ৰাক আৰু ট্ৰেইলাৰ মাজত সংঘটিত হোৱা ভয়ংকৰ সংঘৰ্ষৰ ফলত এইদৰে একেলগে প্ৰাণ হেৰুৱালে ১০ জন লোকে। আনহাতে প্ৰায় ৩০ গৰাকীমান লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
জানিব পৰা মতে দুৰ্ঘটনাটোৰ সময়ত ট্ৰেইলাৰ খনত প্ৰায় ৫০ গৰাকীমান লোক আছিল। এইসকল লোকে বানা বানাৰসীৰ পৰা বিবাহৰ পাছত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশ লৈ উভতি আহি আছিল। বৰ্তমানে আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।
দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১৩ জন লোকৰ ভিতৰত ৯ গৰাকী মহিলা আৰু ৪ টি শিশু। আহত সকলৰ মাজৰ কেইবাজনো লোকৰ অৱস্থা সংকটজনক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















