অসম লাইভ২৪ঃ ৰাজস্থানৰ চুৰু জিলাৰ এক হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে। ১৪ বছৰীয়া নাবালকে বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলোৱাৰ পাছতেই পোহৰলৈ অহা খবৰে সকলোকে আচৰিত কৰি তুলিছে৷ পৰিয়ালৰ লোকে শিশুটিক ‘ফ্ৰী ফায়াৰ’ গেম খেলিবলৈ নতুন মোবাইল কিনি নিদিয়াৰ বাবেই আত্মহত্যাৰ চেষ্টা চলোৱা বুলি প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। শিশুটিক পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱাত জীৱন ৰক্ষা পৰে শিশুটিৰ।
তথ্য অনুসৰি মোবাইলত Free Fire আৰু PUBGৰ দৰে গেম খেলাত অভ্যস্ত ল’ৰাজনে ইয়াৰ পূৰ্বেও এই গেমৰ বাবে দশম মানতেই আনুষ্ঠানিক শিক্ষা বাদ দিছিল৷ বিগত চাৰি-পাঁচ মাহ ধৰি বিভিন্ন প্ৰকাৰে পিতৃ-মাতৃয়ে শিশুটিক এই নিচা এৰুৱাবলৈ যত্ন কৰি আহিছিল৷ শেহতীয়াকৈ সন্তানটোক গেমৰ আসক্তি এৰুৱাবলৈ পিতৃ-মাতৃয়ে ফোনটো লৈ লোৱাত আত্মহত্যাৰ চেষ্টা চলোৱা বুলি আৰক্ষীয়ে দাঙি ধৰা প্ৰতিবেদনতো উল্লেখ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ