চাৰিচকীয়া বাহন আৰু যাত্ৰীবাহী বাছৰ প্ৰচণ্ড সংঘৰ্ষ, ঘটনাস্থলীতে নিহত ৭
ৰাজস্থানৰ জয়পুৰৰ ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সঘটিত হৈছে এক অতিকে ভয়ংকৰ পথ দুৰ্ঘটনা। যি দুৰ্ঘটনাত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই ৭ জনকৈ লোকে।
এখন চাৰিচকীয়া বাহন আৰু এখন যাত্ৰীবাহী বাছৰ মাজত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।
এই ঘটনাত ইকো চাৰিচকীয়া বাহন খনত যাত্ৰা কৰা ৭ গৰাকী যাত্ৰীয়েই দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাই। বাহন খনৰো অৱস্থা একেবাৰে বেয়া হৈ পৰে দুৰ্ঘটনাটোত।
ইকো বাহন খনৰ যাত্ৰীসকলে জয়পুৰৰ পৰা আজমেৰলৈ গৈ আছিল সকলে যাত্ৰী ভীলবাড়াৰ। কিন্তু বাটতে দুৰ্ঘটনাত পতিত।
ঘটন সন্দৰ্ভত জানিব পৰা অনুসৰি, যাত্ৰীবাহী বাছখনৰ মাজ পথতে চকা ফুটে। যাৰ ফলতে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে বিপৰীত দিশেৰে আহি থকা সৰু বাহন খনত খুন্দা মাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















