ভাল খেলিয়ো, মেচত জয়ী হৈয়ো জৰিমনাৰ সন্মুখিন বাংগালুৰুৰ অধিনায়ক ৰজত
কালি ৭ এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈ যোৱা মুম্বাই বনাম বাংগালুৰু খেলত সুন্দৰ প্ৰদৰ্শনেৰে বাংগালুৰু দলে বিজয় সাব্যস্ত কৰে। কিন্তু খেলখনৰ পিছতে বাংগালুৰুৰ অধিনায়ক জৰিমনাৰ সন্মুখিন হৈছে।
এতিয়া ৰজত পাটিদাৰে দিব লাগিব লাখ লাখ টকাৰ জৰিমনা। মুম্বাইৰ বিৰুদ্ধে খেলা মেচখনত বাংগালুৰুৰ বলাৰসকলে বলিং কৰিবলৈ প্ৰয়োজনতকৈ অধিক সময় লৈছিল, যাৰ বাবে এতিয়া জৰিমনাৰ সন্মুখিন হ’বলগীয়া হৈছে ৰজত পাটিদাৰ। স্লো অভাৰ ৰেটৰ অধীনত ১২ লাখ টকাৰ জৰিমনা বিহিছে ৰজতৰ বিৰুদ্ধে।
উল্লেখ্য যে, মুম্বাই আৰু বাংগালুৰৰ মাজত অনুষ্ঠিত হোৱা ৰোমাঞ্চকৰ খেলখনত বাংগালুৰুৰ দলে ১২ ৰানত জয়লাভ কৰে। প্ৰথমে বেটিং কৰি বাংগালুৰুৱে ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ২২১ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ ফিলিপ ছল্টে ৪ ৰানৰ ইনিংছ খেলিছিল। আনহাতে বিৰাট কোহলীয়ে ৪২টা বলত ৬৭ ৰান সংগ্ৰহ কৰে। ২২টা বলত ৩৭ ৰানৰ ইনিংছ কৰে দেৱদত্ত পাডিক্কেলে। ইয়াৰ উপৰিও ৰজত পাটিদাৰেও অধিনায়কত্বৰ ইনিংছৰ প্ৰদৰ্শন আগবঢ়ায়। তেওঁ ৩২টা বলত ৬৪ ৰানৰ ইনিংছ খেলিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ