অসম লাইভ ২৪ঃ মোদীক দেখি উঠিল গা, হিমন্ত বিশ্ব শৰ্মাই বোলে মোকো চা৷ ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান তথা সম্পত্তিক কংগ্ৰেছী মুক্তকৰণ অভিযান বিজেপি চৰকাৰৰ৷ এইবাৰ সলনি হ’ব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম৷ খেল ৰত্ন বঁটাৰ পৰা ৰাজৱ গান্ধীৰ নাম কৰ্তনৰ পাছত এইবাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ নাম আঁতৰোৱাৰ সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা কেবিনেটে৷ নাম সলনি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ, আঁতৰিব ৰাজীৱ গান্ধীৰ নাম৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত সলনি কৰিছিল ৰাস্তা-ঘাটৰ নাম৷ উদাহৰণস্বৰূপে GS ৰোডৰ নাম দিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথ৷ একেদৰে সলনি কৰিছিল গুৱাহাটীৰ আন বাট-পথৰ নাম৷ হিমন্ত বিশ্ব শৰ্মাৰ দিনটো যেন অব্যাহত আছে সেই ধাৰা৷ পিছে ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলোৱাক লৈ আৰম্ভ হৈছে ক্ৰিয়া-প্ৰতিক্ৰিয়া৷ একাংশৰ প্ৰশ্ন দীন দয়াল উপাধ্যায়ৰ নামত ইমানবোৰ মহাবিদ্যালয়ৰ নাম কিয়? মটেৰা ষ্টেডিয়ামৰ পৰা আঁতৰিব নে নৰেন্দ্ৰমোদীৰ নাম?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ