অসম লাইভ২৪ঃ সূৰ্যবংশীয় ৰাম ক্ষত্ৰিয় আছিল। কিন্তু স্বভাৱ আৰু গুণৰ কাৰণে তেওঁক ব্ৰাহ্মণ কোৱা হয়। ৰামে অৱশ্য়ে কেতিয়াও নিজৰ ক্ষত্ৰিয় ধৰ্ম ত্যাগ কৰা নাছিল। বাল্যকালৰ পৰা দুষ্টদমনত আগুৱাই আহিছিল ৰামে। ধনুৰেই ৰামে বহু ৰাক্ষক আৰু অসুৰক বধ কৰিছিল।
হিন্দু পুৰাণত বিভিন্ন শক্তিশালী অস্ত্ৰ-শস্ত্ৰৰ কথা উল্লেখ আছে। তাৰমাজতেই ৰামৰ ধনু অন্যতম। ১৪ বছৰীয়া বনবাসত লক্ষ্মণ আৰু সীতাৰ ওপৰিও ৰামৰ সংগী আছিল তেওঁৰ ধনুখন।
ৰামৰ ধনুৰ নাম কি?
বনবাসৰ সময়ত ৰামৰ হাতত সকলো সময়তে এখন ধনু আছিল। শাস্ত্ৰমতে এই ধনুখনৰ নাম কোদণ্ড। এই শব্দৰ অৰ্থ বাঁহৰ দ্বাৰা নিৰ্মিত। এই ধনু ধাৰণ কৰাৰ বাবেই ৰামৰ আন এক নাম কোদণ্ড। এই ধনু অভিমন্ত্ৰিত আছিল। পুৰাণ অনুসৰি এই ধনু আছিল প্ৰায় ৫হাত দীঘল আৰু ওজন আছিল ১০০ কিঃগ্ৰাঃ।
ৰাম ধনুৰ বিশেষত্ব
কোদণ্ড ধনুৰ তীৰ কেতিয়াও বিফল হোৱা নাছিল। অর্থাৎ এই ধনু ব্যৱহাৰ কৰি তীৰ এৰিলে সেই তীৰে লক্ষ্যভেদ কৰেই। স্বাভাৱিকভাৱেই এই ধনুৱে সেয়ে সকলোৰে মনত ভয়ৰ সৃষ্টি কৰিছিল। পৌৰাণিত কাহিনী অনুসৰি সীতাক উদ্ধাৰৰ বাবে লংকা যাত্ৰাৰ উদ্দেশ্য়ে ৰাওনা হওতে এই ধনুৰ সহায়তেই সমুদ্ৰৰ পানী শুকুৱাই পেলাইছিল ৰামে। ৰাক্ষক বধতো এই ধনু ব্য়ৱহাৰ কৰিছিল ৰামে। ৰাৱন বধৰ বাবেও কোদণ্ড ধনুৰ পৰা ৩১টা বাণ নিক্ষেপ কৰিছিল ৰামচন্দ্ৰই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ