ৰামায়ণৰ কাহিনী আমি সকলোৱে জানো৷ কেনেকৈ সীতাক লংকাৰ পৰা উদ্ধাৰ কৰিবলৈ হনুমান আৰু বান্দৰ সেনাৰ সহায় লৈ লংকাত ভৰি দিছিল ৰাম, লক্ষ্মণে৷ সেই মহাকাব্য আজিও বহুতৰে মুখে মুখে৷ বান্দৰ সেনাৰ সহায়তেই সমুদ্ৰৰ ওপৰত সেতু বান্ধিছিল ৰামে৷ বান্দৰ সেনাই যদি ৰামক সহায় নকৰিলে হেতেন তেন্তে ৰাম আৰু লক্ষ্মণৰ পক্ষে লংকা জয় কৰাও সম্ভৱ নহ’লহেতেন৷ কিন্তু এইখিনিতেই প্ৰশ্ন আহে ৰামায়ণৰ যুদ্ধৰ পাছত ক’ত হেৰাই গ’ল ৰামৰ সেই বান্দৰ সেনা৷
ৰাৱণ বধৰ পাছত অযোধ্যালৈ উভতি আহিছিল ৰাম, লক্ষ্মণ, সীতা
ৰাৱণক বধ কৰি সীতাক লৈ অযোধ্যালৈ উভতি আহিছিল ৰাম আৰু লক্ষ্মণ৷ ৰামায়ণৰ উত্তৰাকাণ্ড অনুসৰি হনুমান, ৰাম আৰু লক্ষ্মণে সীতাক নিৰাপদে লংকালৈ উভতাই আনিছিল৷ লংকাৰ পৰা কিষ্কিন্ধ্যাৰ ৰজা হয় সুগ্ৰীৱ আৰু বালিৰ পুত্ৰ অঙ্গদ যুৱৰাজ হয়৷ এওঁলোক দুজনে মিলি বহুবছৰ কিষ্কিন্ধ্যাত ৰাজত্ব কৰিছিল৷
গুৰুত্বপূৰ্ণ পদ লাভ কৰিছিল বিশ্বকৰ্মাৰ পুত্ৰ নল আৰু নীলে
শ্ৰীৰামৰ সৈতে বান্দৰ সেনা লংকালৈ যুদ্ধাভিযানলৈ যাওঁতে সেই সেনাৰ সদস্য আছিল বিশ্বকৰ্মাৰ দুই পুত্ৰ নল আৰু নীল৷ দেৱশিল্পী বিশ্বকৰ্মাৰ সন্তান হ’লেও এইলোক আছিল বান্দৰ৷ সমুদ্ৰৰ উপৰত সেঁতু বন্ধাত এওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল৷ সুগ্ৰীৱ কিষ্কিন্ধ্যাৰ ৰজা হোৱাৰ পাছত নল আৰু নীলে মন্ত্ৰিত্ব লাভ কৰিছিল৷ নিজৰ বুদ্ধিৰে এওঁলোকে বিভিন্ন সময়ত সুগ্ৰীৱ আৰু অঙ্গদক গুৰুত্বপূৰ্ণ পৰামৰ্শ দিছিল৷ এই বান্দৰ সেনাই সেই সময়ত কিষ্কিন্ধ্যাক বাহিৰৰ শত্ৰুৰ পৰা ৰক্ষা কৰাৰ কামত নিয়োজিত কৰাইছিল৷
বৰ্তমান ক’ত আছে কিষ্কিন্ধ্যা?
ৰামায়ণৰ আমোলত কিষ্কিন্ধ্যা বৰ্তমান কৰ্ণাটকৰ তুঙ্গভদ্ৰা নদীৰ তীৰত আছে৷ বিখ্যাত পৰ্যটন স্থল হাম্পিৰ কাষৰ বেলাৰী জিলাত এই স্থান অৱস্থিত৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই এলেকাত এতিয়াও বিভিন্ন গুহা দেখা পোৱা যায়৷ তাতেই বহুদিন ধৰি ৰাম লক্ষ্মণেও বসবাস কৰিছিল৷ যি বান্দৰ সেনাই সুগ্ৰীৱৰ সেনাদলত যোগ নিদি সেই গুহাতেই বাস কৰা আৰম্ভ কৰে৷
ৰামায়ণ অনুসৰি এক লাখতকৈ অধিক সেনাই ৰাৱণৰ বিৰুদ্ধে যুদ্ধত ৰামত সহায় কৰিছিল৷ কিষ্কিন্ধ্যাৰ চাৰিওফাৱে ঘন অৰণ্যও আছিল৷ সেই অৰণ্যভূমিয়েই দণ্ডকাৰণ্য নামেৰে পৰিচিত আছিল৷ ৰামায়ণ অনুসৰি এই স্থানতেই আছিল ঋষ্যমুখ পৰ্বতমালা৷ যত হনুমানৰ গুৰু মাতাঙ্গৰ আশ্ৰমো আছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ