৫দিন ধৰি কোনো সন্ধান নাই ৰমেন বৰুৱাৰ, ব্ৰহ্মপুত্ৰৰ অভিযান বন্ধৰ ঘোষণা, অপেক্ষা ৭ বছৰলৈ
নাই বুলিয়েই নাইকিয়া হৈ গ’ল এজন মানুহ। এদিন দুদিনকৈ ৪ দিন উকলি আজি ৫ নম্বৰ দিনটোত ভৰি দিলে ৰমেন বৰুৱা সন্ধানহীন হোৱা । ২২ জুলাই সোমবাৰে দিনৰ ১০ বজাৰ পৰা আজি ২৬ জুলাই শুকুৰবাৰলৈ কোনো সন্ধান নাই শিল্পীগৰাকীৰ।
উদ্ধাৰ অভিযানত কোনো ত্ৰুটি নৰখাকৈ এই কেউদিন নিৰবিচ্ছিন্ন ভাৱে উদ্ধাৰ চলাই আছিল ৰমেন বৰুৱা সন্দৰ্ভত। এছ ডি আৰ এফ বাহিনী , এন ডি আৰ এফ বাহিনী, আৰক্ষী, আত্মীয়, অনুৰাগী সকলোৱে বিচাৰিও কতো কোনো ধৰণৰ শুংসুত্ৰ লাভ কৰা নাই শিল্পীগৰাকীৰ সন্দৰ্ভত।
যাৰ বাবে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কয় যে এই ঘটনাক লৈ বৰ বেছি প্ৰশ্ন কৰি থাকিব নালাগে৷ এই বিষয়টোক নিয়তিৰ পৰিহাস বুলি মানি ল’বলৈ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰৰ অভিযান বন্ধৰ ঘোষণাও কৰিছে। বৰ্তমানে উদিগ্ন ৰমেন বৰুৱাৰ পৰিয়াল। মুখ্যমন্ত্ৰীয় লগতে ইয়াকো কয় যে, কোনোবা যদি নদীৰ কাষলৈ যায় উভতি অহাৰ প্ৰমাণ নাথাকে তেন্তে এয়া নিয়তিৰ পৰিহাস বুলি মানি ল’ব লাগে৷
আনহাতে বৰুৱা পৰিয়ালৰ উকীল সন্দিপ চমৰীয়াই অসম লাইভ আৰু NB News ৰ সৈতে হোৱা কথা বতৰাত কয় যে, আইনৰ মতে ৭ বছৰলৈ ৰ’ব লাগিব আনুষ্ঠানিক প্ৰকৃত সত্যৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ