আইচক্ৰীম আনিবলৈ গৈছিল, কিন্তু চ্যুটকেছত উদ্ধাৰ ৯ বছৰীয়া কণমানি
দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এটা ঘটনা। ৰাজধানী দিল্লীত কালি সন্ধিয়াৰ ভাগত সংঘটিত হোৱা এক ঘটনা। এটি ৯ বছৰীয়া কণমানি। সন্ধিয়া ৭ মান বজাত ঘৰৰ পৰা ওলাই গৈছিল আইচক্ৰীম আনিবলৈ । কিন্তু পাছত বন্ধ ঘৰৰ ভিতৰত চ্যুটকেচত উদ্ধাৰ নিথৰ দেহ।
দিল্লীৰ নেহৰু বিহাৰত সংঘটিত হৈছে এই ঘটনা। পঞ্চম শ্ৰেণীত পঢ়া ৯ বছৰীয়া কণমানিটি সন্ধিয়া ৭ বজাত ঘৰৰ ওচৰৰে দোকানৰ পৰা আইচক্ৰিম আনিবলৈ গৈছিল। কিন্তু এঘণ্টাৰ পাছতো উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে।
তেতিয়া কোনো প্ৰত্যক্ষদৰ্শীয়ে কয়, ওচৰৰ বিল্ডিং এটাৰ ভিতৰলৈ কণমানিটিক যোৱা দেখা। লগে লগে সেই বিল্ডিংটোলৈ যোৱাত দেখে বাহিৰৰ পৰা তলা মৰা।
তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি উদ্ধাৰ কৰে কেৱল এটা চ্যুটকেচ। কিন্তু চ্যুটকেচ খুলি দেখি শিয়ৰি উঠে পৰিয়ালৰ লোক। কাৰণ সেই চ্যুটকেচৰ ভিতৰত বেয়াকৈ আঘাতপ্ৰাপ্ত মূমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে কণমানিটিক।
ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায় যদিও মাজবাটতে প্ৰাণ হেৰুৱাই কণমানিটিয়ে। কিন্তু চিকিৎসকে প্ৰাথমিক ভাৱে দেখিয়েই ব্যক্ত কৰে ধৰ্ষণ কৰা হৈছিল, লগতে বেয়াকৈ মাৰপিট কৰা হৈছে কণমানিটিৰ লগত।
লগে লগে আৰক্ষীৰ কাষ চাপে পৰিয়াল। আৰক্ষীয়ে POCSO আইনৰ আধাৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ ৰকিছে। লগতে দিল্লীৰ কাষৰীয়া অঞ্চল সমূহতো তালাচী অভিযান চলাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















