নিশাৰ আকাশত হাজিৰ এক মহাজাগতিক অতিথি৷ অক্টোবৰৰ প্ৰথম সপ্তাহত চি/২০২৩ এ৩ নামৰ এক ধুমকেতু দেখি উৎফুল্লিত হৈছিল মহাকাশপ্ৰেমীও৷ ৮০ হাজাৰ বছৰ পাছত পৃথিৱীৰ আকাশত দেখা গৈছিল মহাজাগতিক আলোকপিণ্ডৰ৷ মাহৰ আৰম্ভণিতেই ভাৰতৰ পৰা দেখা গৈছে বিশেষ ধূমকেতুটো৷ ১২-১৪ অক্টোবৰ পৰ্যন্ত ভাৰতৰ পৰা দৃশ্যমান হৈ আছিল ধূমকেতুটো৷
স্বাভাৱিকভাৱেই এই ধূমকেতুক লৈ উৎফুল্লিত হৈ পৰিছিল বিজ্ঞানীও৷ বিগত বছৰতেই বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল এই ধূমকেতুটো৷ প্লুটু গ্ৰহৰ পৰা বহু দূৰৈত অৱস্থিত এই ধূমকেতুটো পুৰু বৰফৰ দেৱালেৰে ঘেৰি থকা পাহাৰতকৈয়ো ডাঙৰ৷ পৃথিৱীৰ পৰা ৭১ মিলিয়ণ কিঃমিঃ দূৰৈত দেখা গৈছে এই ধূমকেতুটো৷ এই ধূমকেতুটো পুনৰবাৰ দৃশ্যমান হ’ব ৮০ হাজাৰ বছৰ পাছত৷
শেষবাৰ এই ধূমকেতু পৃথিৱীৰ কাষলৈ অহাৰ সময়ত পৃথিৱীত আছিল নিয়াণ্ডাৰথাল মানুহ৷ সেই সময়ত পৃথিৱীত বিজ্ঞানো ইমান আগবঢ়া নাছিল৷ এইবাৰ এই ধূমকেতু দেখা মাত্ৰকেই আগ্ৰহী হৈ উঠিছে বিজ্ঞানী৷ এই ধূমকেতুৰ আঁতিগুৰি ওলিয়াবলৈ উঠিপৰি লাগিছে বিজ্ঞানী৷ এই ধূমকেতুৰ ওপৰত গৱেষণা চলাই বিজ্ঞানীয়ে তথ্য দাঙি ধৰিছে যে এই ধুমকেতুৰ বাহিৰভাগ বৰফৰ আচ্ছাদনেৰে বেৰি থকা৷ ভিতৰভাগো অন্ধকাৰ জৈৱ উপাদানেৰে ভৰি আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ