অসম লাইভ২৪ঃ চ’ত সংক্ৰান্তিৰ পাছৰ দিনটোৰ পৰাই আৰম্ভ হয় অসমীয়াৰ নৱবৰ্ষ। অর্থাত্ সূৰ্যই সেই দিনটোত মেষ ৰাশিত প্ৰৱেশ কৰে। পিছদিনাখনৰ পৰা আৰম্ভ হয় নতুন বছৰ। অর্থাত্ ১ ব’হাগ। বৈদিক পঞ্জিকা অনুসৰি চ’ত মাহৰ পৰা নতুন বছৰ আৰম্ভ হ’লে অসমীয়া কেলেণ্ডাৰত নতুন বছৰ আৰম্ভ হয় ব’হাগ মাহৰ পৰা।
নৱবৰ্ষৰ প্ৰথম দিনটোক মানুহ বিহু হিচাপে পালন কৰে প্ৰতিজন অসমীয়াই। ১৪ এপ্ৰিল দেওবাৰে এইবাৰ মানুহ বিহু। বছৰৰ প্ৰথম দিনটোক ধুমধামেৰে পালন কৰিব অসমীয়াই। এই বছৰৰ পঞ্জিকা অনুসৰি নৱবৰ্ষৰ প্ৰথম দিনটোতেই আছে তিনিটা শুভ যোগ। এই দিনটোত থকা তিনি শুভ যোগ হৈছে ত্ৰিপুষ্কৰ যোগ, ৰবি যোগ আৰু সুকৰ্ম যোগ। প্ৰথম ব’হাগত এইসমূহ শুভ যোগ থকাৰ বাবে নৱবৰ্ষৰ প্ৰথম দিনটোতেই ভাগ্য খুলিব ৫ৰাশিৰ জাতকৰ। সৌভাগ্যৰ তুংগত থাকিব কেইটামান ৰাশি।
মেষ ৰাশি
অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনাই আৰ্থিক সৌভাগ্য লাভ কৰাৰ সুযোগ পাব মেষ ৰাশিৰ জাতকে। এই সময়ত সুকৰ্ম যোগৰ প্ৰভাৱত আয় বাঢ়িব আপোনাৰ। দাম্পত্য় জীৱনো সুখকৰ হ’ব। নিজৰ কামৰ পথত আপোনাৰ বাধা আহিলেও দূৰ হ’ব। অৱশ্য়ে বাহিৰা ব্যক্তিৰ আগত মনৰ কথা খুলি নক’ব। ব্য়ৱসায় কৰি থকাসকলে বছৰৰ প্ৰথম দিনা মোটা অংকৰ ধন লাভ কৰিব।
কৰ্কট ৰাশি
কর্কট ৰাশিৰ জাতকে প্ৰথম ব’হাগৰ প্ৰথম দিনটোত সুখৰ সময় কটাব। ইয়াৰোপৰি বছৰৰ প্ৰথম দিনটোত বন্ধুৰ সৈতেও আনন্দ কৰিবলৈ ওলাই যাব পাৰে। বন্ধু পৰিয়ালৰ সৈতে সু-সময় কটাব। চাকৰিৰ সন্ধানত থকাসকলে ৰবি যোগৰ শুভ প্ৰভাৱত চাকৰি লাভ কৰিব পাৰে।
কন্য়া ৰাশি
দেৱী দুৰ্গাৰ আশীৰ্বাদত বাংলা নৱবৰ্ষৰ প্ৰথম দিনটো দুৰ্দান্ত হ’ব কন্যা ৰাশিৰ জাতকৰ। পূৰ্বে কৰা ভুলৰ পৰা আপুনি শিক্ষা ল’ব। প্ৰথম বহাগৰ দিনটোত সন্তানৰ পৰা সুখবৰ পাব পাৰে। আৱেগত কোনো সিদ্ধান্ত নল’ব। কন্যা ৰাশিৰ জাতকে প্ৰথম বহা’গৰ দিনটোত নতুন কামৰ পৰিকল্পনা কৰিব পাৰে।
বৃশ্চিক ৰাশি
প্ৰথম বহাগত ত্ৰিপুষ্কৰ যোগৰ শুভ প্ৰভাৱ লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে। পৰিয়ালৰ সৈতে সু-সময় কটাব। বছৰৰ প্ৰথম দিনটোতেই সম্পত্তি লাভৰো যোগ আছে বৃশ্চিক ৰাশিৰ জাতকৰ। নিজৰ কামত আপুনি অন্যৰ সহায় পাব পাৰে। বিনিয়োগৰ পৰা আৰ্থিকভাৱে লাভৱান হ’ব পাৰে।
কুম্ভ ৰাশি
বহাগৰ প্ৰথম দিনটোত কুম্ভ ৰাশিৰ জাতকে ধৰ্মীয় অনুষ্ঠানত অংশ ল’ব পাৰে। মা দূৰ্গাৰ কৃপাত আপোনাৰ ভাগ্য়োন্নতি হ’ব। এই দিনটোত যি কামতেই হাত নিদিয়ক কিয় সফলতা আহিবই। পৰিয়ালৰ সদস্যসকলৰ সৈতে পূজা অৰ্চনা কৰি দিনটো কটাব পাৰে। সন্ধিয়াৰ সময়ত কোনো সুখবৰ লাভ কৰিব পাৰে। প্ৰেম আৰু দাম্পত্য় জীৱনত মাধুৰ্যতা বৰ্তি থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ