আৰু মাত্ৰ ৪দিনৰ অপেক্ষা৷ তাৰপিছতেই ৪৬ বছৰৰ পাছত মকৰ ৰাশিত গঠিত হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ মকৰ ৰাশিত বুধ আৰু শুক্ৰই বহি অত্যন্ত শুভ এই ৰাজযোগ গঠন কৰিব৷ আজি ১৩ জানুৱাৰীত শুক্ৰই মকৰ ৰাশিত প্ৰৱেশ কৰিছে৷ ইয়াৰ ফলত আগন্তুক ১৭ জানুৱাৰীত বুধে মকৰ ৰাশিলৈ আহিব৷ বুধ আৰু শুক্ৰই একে ঘৰলৈ আহি গঠন কৰিব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ ইয়াৰ ফলত কেৰিয়াৰত উন্নতি হ’ব, প্ৰচুৰ অৰ্থ উপাৰ্জন হ’ব কোন কোন ৰাশিৰ?
বৃষ ৰাশি
বৃষ ৰাশিৰ সৌভাগ্যৰ ঘৰত গঠিত হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ এই সময়ত ভাগ্য মজবুত থাকিব৷ পৰিয়ালৰ সৈতে ধৰ্মীয় যাত্ৰালৈ যাব পাৰে৷ পিতৃৰ সহায়ত লাভৱান হব৷ নতুন কোনো প্ৰকল্প আৰম্ভ কৰাৰ বাবে বা নতুন চুক্তিত ছহী কৰাৰ বাবে এই সময় আপোনাৰ বাবে লাভজনক৷ বিদেশত কৰ্মৰতসকলে সাফল্য পাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ সহকৰ্মীসকলে সমৰ্থন আপোনাৰ সৈতে থাকিব৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ সপ্তম ঘৰত গঠিত হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ বুধ আৰু শুক্ৰৰ যুঁটিত সাংসৰিক আৰু দাম্পত্য জীৱনত সুখ থাকিব৷ অবিবাহিতসকলৰ বিবাহৰ কথা পাক্কা হব পাৰে৷ বিবাহত ভাল প্ৰস্তাৱ পাব পাৰে৷ ঘৰৰ কোনো শুভ অনুষ্ঠান আয়োজন হব পাৰে৷ অফিচত প্ৰমোছন পোৱাৰ সম্ভাৱনা আছে৷ অংশীদাৰিৰ ব্যৱসায়ত লাভ বাঢ়িব৷
তুলা ৰাশি
তুলা ৰাশিৰ চতুৰ্থ ঘৰত গঠিত হব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ বুধ আৰু শুক্ৰৰ ওপৰিও অৱস্থানৰ ফলত সমৃদ্ধি আৰু বিলাসিতা বাঢ়িব তুলা ৰাশিৰ জাতকৰ৷ পৰিয়ালৰ পৰা আৰ্থিক লাভ হব পাৰে৷ ইয়াৰ ফলত আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হব৷ নতুন ঘৰ বা বাহন কিনাৰ ইচ্ছা পূৰণ হব পাৰে৷ ব্যৱসায়ৰ কামত ভ্ৰমণ কৰিব পাৰে৷ কেৰিয়াৰত উন্নতি কৰিব পাৰিব৷
মকৰ ৰাশি
মকৰ ৰাশিত ৪৬ মাহৰ পাছত লক্ষ্মী নাৰায়ণ ৰাজযোগ গঠিত হব৷ বুধ শুক্ৰৰ যুঁটি অত্যন্ত কাৰ্যকৰ আৰু লাভজনক হব মকৰ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত সকলো কামত আপুনি ভাগ্যৰ সহায়তা পাব৷ প্ৰচুৰ সাফল্য আৰু আৰ্থিক লাভে অপেক্ষা কৰিছে আপোনাৰ বাবে৷ পদোন্নতি বা দৰমহা বৃদ্ধি হব পাৰে৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি প্ৰাপ্তিৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















