আজিৰ পৰা আৰম্ভ হৈছে অসমীয়াৰ নতুন বছৰ৷ ১৪৩১ চনৰ অৱসানত আজি ১ ব’হাগৰ পৰা আৰম্ভ হৈছে নতুন বছৰ ১৪৩২৷ ইয়াৰোপৰি আজিৰ পৰাই আৰম্ভ হৈছে অসমীয়াৰ প্ৰথম ব’হাগ৷ সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰিলেই আৰম্ভ হয় ব’হাগ মাহ৷ ইয়াৰ সৈতে এই সময়ত শনিয়ে অৱস্থান কৰিছে মীন ৰাশিত৷ মীন ৰাশিত অৱস্থান কৰিছে বুধে৷ জানি থওক জ্যোতিষ গণনা অনুসৰি ব’হাগ মাহত সৌভাগ্য লাভ কৰিব কোন কোন ৰাশিৰ জাতকে?
মেষ ৰাশি
ব’হাগ মাহত সৌভাগ্যৰ শিখৰত থাকিব মেষ ৰাশিৰ জাতক৷ আপুনি মেষ ৰাশিৰ জাতক হ’লে ব’হাগ মাহত নতুন ঘৰ বা বাহন ক্ৰয় কৰাৰ সপোন পূৰণ হব৷ মেষ ৰাশিত সূৰ্যৰ গোচৰৰ শুভ প্ৰভাৱ লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ এই সময়ত উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব পাৰে আপুনি৷ বিশেষকৈ মাহৰ প্ৰথম দিশতেই ভাল সময় চলিব আপোনাৰ৷
মিথুন ৰাশি
নতুন ঘৰ বা ফ্লেট আৰু বাহন কিনাৰ সপোন ব’হাগতেই পূৰণ হব মিথুন ৰাশিৰ জাতকৰ৷ কিছু আৰ্থিক কষ্টৰ মাজত থাকিলে সেই কষ্টও দূৰ হব আপোনাৰ৷ বেয়া সময় আঁতৰি শুভ সময়ে আপোনাৰ জীৱন ৰঙীন কৰি তুলিব৷ এই সময়ত কোনো দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ কৰিব পাৰিব আপুনি৷ কৰ্মক্ষেত্ৰতো উন্নতিৰ যোগ আছে৷ দৰমহা বৃদ্ধি হ’ব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ