বৃষ ৰাশি
শুক্ৰ বক্ৰী হ’লে তাৰ শুভ প্ৰভাৱ পৰিব বৃষ ৰাশিৰ জাতকৰ ওপৰত৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব আপোনাৰ৷ এই সময়ত পৰিয়াল বা বন্ধু বান্ধৱৰ সৈতে কৰোবালৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এই সময় ভাল৷ যিসকলে চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকেও সুফল পাব পাৰে৷ ব্যক্তিগত জীৱনত সুখ শান্তি থাকিব৷
কৰ্কট ৰাশি
বক্ৰী শুক্ৰৰ প্ৰভাৱত সন্মান লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ জনপ্ৰিয়তাই আকাশ চুব৷ আৰ্থিকভাৱেও বৃহৎ লাভ কৰাৰ সুযোগ পাব৷ নানান দিশৰ পৰা অৰ্থ উপাৰ্জন কৰিব৷ পৰিয়ালত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ অফিচত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা সকলোৱে কৰিব৷
তুলা ৰাশি
তুলা ৰাশিৰ অধিপতি গ্ৰহ সেয়ে এই গ্ৰহ বক্ৰী হ’লে তাৰ সুপ্ৰভাৱ পৰিব তুলা ৰাশিৰ ওপৰত৷ আপুনি বিদেশ যোৱাৰ চেষ্টা কৰিলে এই সময়ত সাফল্য পাব পাৰে৷ অফিচত সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগ ধৰি ৰাখিবলৈ চেষ্টা কৰক৷ অন্যথা লক্ষ্যৰ কাষত উপনীত হৈয়ো ব্যৰ্থ হ’ব পাৰে৷
বৃশ্চিক ৰাশি
মাৰ্চৰ আৰম্ভণিতেই বৃহৎ আৰ্থিক সৌভাগ্য লাভ কৰিব বৃশ্চিক ৰাশিৰ জাতকে৷ এই সময়ত আপুনি নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব৷ নানান দিশৰ পৰা অৰ্থ উপাৰ্জন কৰিব পাৰে৷ বন্ধুৰ সৈতে ভাল সময় কটাব৷ দৰকাৰী কামত বন্ধুৰ সাহাৰ্য্য পাব পাৰে৷ বিয়াৰ কথা আগবাঢ়িব পাৰে৷ জীৱনত উন্নতি আৰু সমৃদ্ধি আহিব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক শুক্ৰৰ ওলোটা চলনত প্ৰভাৱিত হ’ব৷ নিজৰ উপাৰ্জন বহু পৰিমানে বাঢ়িব৷ শ্বপিঙৰ নামত মোটা টকা খৰচ কৰিব পাৰে৷ টকা আহিলেও হাতলৈ টকা নাথাকিব৷ চেষ্টা কৰক বাজেটত খৰচ কৰিবলৈ৷ যিসকলে চাকৰি পৰিবৰ্তনৰ চেষ্টা কৰিছে বাজেট কৰি খৰচ কৰক৷ যিসকলে চাকৰি পৰিবৰ্তনৰ চেষ্টা কৰিছে এই সময় তেওঁলোকে বাবে শুভ৷ জীৱনত সুখ থাকিব৷ ধৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব৷