আগন্তুক সোমবাৰ ১১ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া নতুন সপ্তাহত থাকিব আদিত্য যোগৰ প্ৰভাৱ৷ আগষ্টৰ দ্বিতীয় সপ্তাহত সিংহ ৰাশিত গোচৰ কৰিব সূৰ্যই৷ সিংহ হৈছে সূৰ্যৰ নিজৰ ৰাশি৷ স্বৰাশিত গোচৰ কৰাত এই সময়ত সূৰ্যৰ প্ৰভাৱ আৰু বাঢ়িব৷ সিংহ ৰাশিত সূৰ্যৰ অৱস্থানৰ ফলত গঠিত হব আদিত্য যোগ৷ বৈদিক জ্যোতিষত আদিত্য যোগক ৰাজযোগৰ সমান ক্ষমতাশালী বুলি কোৱা হৈছে৷ এই যোগৰ প্ৰভাৱত জাতকে শ্ৰদ্ধা, সন্মান, অৰ্থ, সম্পদ আৰু প্ৰতিপত্তি লাভ কৰিব৷ এই শুভ যোগে জাতকক বৃহৎ সাফল্য অৰ্জন কৰাত সহায় কৰিব৷ জানি থওক ১১ আগষ্টৰ পৰা ১৭ আগষ্টৰ মাজত আদিত্য যোগৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?
বৃষ ৰাশি
আগষ্টৰ এই সপ্তাহত শুভ হব বৃষ ৰাশিৰ জাতকৰ বাবে৷ এই সপ্তাহৰ আৰম্ভণিতে আপুনি যি কামত হাত দিয়ে তাতেই সাফল্য লাভ কৰিব৷ কৰ্মক্ষেত্ৰত বৃহৎ সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিছে৷ কামৰ সূত্ৰে ভ্ৰমণ কৰিব পাৰে৷ পৰিয়ালৰ সকলোৰে সমৰ্থন আপুনি লাভ কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















