ৰতন টাটাৰ উইলক লৈ আকৌ আৰম্ভ হৈছে নতুন বিতৰ্ক৷ মানুহ হিচাপে অৱশ্যে যথেষ্ট ভাল আছিল ৰতন টাটা৷ ৰান্ধনী, পৰিচাৰক, পোহনীয়া কুকুৰৰ নামত সম্পত্তি উইল কৰি যোৱা টাটাই কিয় নিজৰ উইলত লিখা নাই নোয়েল টাটাৰ নাম৷ ৰতন টাটাৰ উইল পত্ৰ সন্মুখলৈ অহাৰ পাছতেই আৰম্ভ হৈছে চৰ্চা৷
ৰতন টাটাৰ সম্পদৰ পৰিমান প্ৰায় ১০ হাজাৰ কোটি টকা৷ ভায়েক, ভনীয়েক, গৃহ সহযোগীৰ পৰা আৰম্ভ কৰি সহকাৰী শান্তনু নাইডু আৰু জাৰ্মান ছেফাৰ্ড টিটোও সেই সম্পত্তিৰ অংশীদাৰ৷ উইল কৰি এনে ব্যৱস্থাই কৰি গৈছে ৰতন টাটাই৷ কিন্তু সেই সম্পত্তিৰ ভাগ ফুটাকঢ়িও লিখা নাই ভাতৃ নোয়েল টাটাৰ নামত৷ কিয় টাটাৰ সম্পত্তিৰ ভাগ দিয়া হোৱা নাই টাটা ট্ৰাষ্টৰ নতুন চেয়াৰমেনগৰাকীক?
টাটা ট্ৰাষ্টৰ চেয়াৰমেন হৈছে ভায়েক নোয়েল৷ ৬৭ বছৰ বয়সীয়া নোয়েল টাটা বিগত চাৰি দশকতকৈ বেছি সময় ধৰি টাটাৰ নানান কামৰ সৈতে জড়িত৷ এইবাৰ ককায়েকৰ দায়িত্ব তেওঁ গ্ৰহণ কৰিবলৈ সেই আসনত বহিছে৷ নোয়েল টাটা পূৰ্বৰে পৰাই টাটাৰ বিভিন্ন সংস্থাৰ সৈতে জড়িত৷ তেওঁ এতিয়া ট্ৰেণ্টৰ চেয়াৰমেন৷ টাটা ইণ্টাৰনেশ্ব্যনেল লিমিটেড ভোল্টেছ আৰু টাটা ইনভেছমেণ্ট কৰ্পৰেছনৰো চেয়াৰমেন৷ ইয়াৰোপৰি টাটা ষ্টিলৰ তেওঁ ভাইছ চেয়াৰমেন৷
কিন্তু ইয়াতেই আছে টুইষ্ট৷ জনা গৈছে যে নোয়েল টাটাৰ সৈতে ৰতন টাটাৰ সম্পৰ্ক বিশেষ উন্নত নহয়৷ দুজনৰ মাজত আছিল বহু মতভেদ৷ ভায়েক নোয়েলৰ অভিজ্ঞতাক লৈ ৰতন টাটা সন্দিহান আছিল৷ টাটা গ্ৰুপৰ কোনো গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে তেওঁক সমৰ্থনো কৰা নাছিল ৰতন টাটাই৷
উল্লেখ্য যে ৰতন টাটাৰ উল্লেখযোগ্য সম্পদৰ মাজত আছে আলিবাগৰ সমুদ্ৰ পাৰৰ ২হাজাৰ বৰ্গফুটৰ এটা বাংলো৷ মুম্বাইৰ জুহুত তেওঁৰ এখন দুইমহলীয়া বাহন, ৩৫০ কোটি টকাৰো বেছি স্থায়ী সম্পত্তি আছে তেওঁৰ৷ এই সকলো সম্পদৰ কোনোটোৰে নাম তেওঁ ভাতৃৰ নামত ৰখা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ