পুৱাৰে পৰাই ভাইৰেল হৈ আছিল এটা বাতৰি৷ ৰতন টাটা অসুস্থ, ভৰ্তি হাস্পতালত৷ কিন্তু এই বাতৰিৰ সত্যাসত্য কিমান? সঁচাকৈয়ে অসুস্থ নেকি ৰতন টাটা? শেহতীয়াকৈ তেওঁৰ স্বাস্থ্যক লৈ নিজেই আপডেট দিছে ৰতন টাটাই৷ তেওঁ দৈনিক চেকআপৰ বাবেহে হাস্পতাললৈ গৈছিল৷ ব্ৰিছ কেণ্ডি হাস্পতাললৈ গৈছিল ৰতন টাটা৷
প্রাথমিকভাৱে জনা গৈছে যে ৰুটিন মেডিকেল চেকআপৰ বাবে হাস্পতালত গৈছিল৷ তেওঁৰ শাৰীৰিক অৱস্থা এতিয়া ঠিকেই৷ ৮৬ বছৰীয়া উদ্যোগীজনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত লিখিছে, দৈনিক মেডিকেল চেপআপৰ বাবে হাস্পতাললৈ আহিছিলো৷ বয়সজনিত কাৰণত এই চেপআপসমূহৰ প্ৰয়োজন আছে৷ উদ্বেগৰ কাৰণ নাই৷’
আজি দুপৰীয়া ১২ৰ পৰা ১ বজাৰ ভিতৰত মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতাললৈ তেওঁক লৈ যোৱা হৈছিল৷ প্ৰথমে জনা যায় যে, তেওঁৰ ৰক্তচাপজনিত সমস্যা আছে৷ কিন্তু উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই৷ উদ্যোগী, মানৱতাবাদী, পৰোপকাৰী আৰু নেশ্ব্যনেল আইকন হিচাপে তেওঁ পৰিচিত৷ ৰতন টাটা ১৯৯১ চনৰ পৰা ২০১২ পৰ্যন্ত আৰু ২০১৬ চনৰ পৰা ২০১৭ চন পৰ্যন্ত তেওঁ টাটা গোষ্ঠীৰ চেয়াৰমেন পদত আছিল৷ নিত্যনৈমিত্তিক কাৰ্যকলাপৰ পৰা বয়সজনিত কাৰণত ৰতন টাটাই বৰ্তমান চেয়াৰমেন পদৰ পৰা অব্যাহতি লৈছে৷ ২০০৮ চনত ৰতন টাটা পদ্মবিভূষণ সন্মানেৰে সন্মানিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ