অনলাইন জালিয়াতি ৰখাবলৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কিছু কাঢ়া পদক্ষেপ গ্ৰহণ কৰিবলৈ লৈছে৷ ডিজিটেল পেমেণ্টক আৰু সুৰক্ষিত কৰিবলৈ ১০,০০০ টকাতকৈ বেছি লেনদেনত নতুন নিৰাপত্তা ব্যৱস্থা আৰম্ভ কৰাৰ প্ৰস্তাব দিছে RBIয়ে৷ এই প্ৰস্তাব মূলত Authorised Push Payments (APP)- সংক্ৰান্তিয় বাঢ়ি থকা প্ৰতাৰণা ৰখাবলৈ এই কাম আৰম্ভ কৰিছে৷ ইয়াৰ আওঁতাত একাধিক গুৰুত্বপূৰ্ণ পৰিবৰ্তন অনা হ’ব৷ যিয়ে সাধাৰণ ব্যৱসায়ীসকলৰ সুৰক্ষা আৰু মজবুত কৰিব৷

সকলোতকৈ গুৰুত্বপূৰ্ণ পৰিবৰ্তন হৈছে যদি কোনো গ্ৰাহকে ১০,০০০ টকাতকৈ বেছি অৰ্থ কোনো নতুন ব্যক্তি বা একাউণ্টলৈ ট্ৰেন্সফাৰ কৰে তেতিয়া তাত ১ ঘণ্টাৰ বাধ্যতামূলক সময় ব্যৱধান প্ৰয়োগ কৰা হব পাৰে৷ অৰ্থাৎ টকা লগে লগে ট্ৰেন্সফাৰ নহ’ব৷ বৰং ১ ঘণ্টা পৰ্যন্ত ৰ’ব লাগিব৷ এই সময়ৰ ভিতৰত গ্ৰাহকে বিচাৰিলে ট্ৰানজেকছন বাতিৰ কৰাৰ সম্পূৰ্ণ সুযোগ পাব৷ ফলত যদি কোনো সন্দেহ হয় বা ভুল বুজাবুজি হয় তেতিয়া তেওঁ টকা ট্ৰান্সফাৰ হোৱাটো ৰখাই দিব পাৰিব৷

১০,০০০ টকাতকৈ বেছি লেনদেনত জালিয়াতিৰ হাৰ বেছি, সেয়ে বেংকে দিছে বিশেষ সতৰ্কবাৰ্তা

RBIৰ মতে নেশ্ব্যনেল ছাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেলৰ তথ্য অনুসৰি ১০,০০০ টকাতকৈ বেছি লেনদেনত মুঠ জালিয়াতিৰ ঘটনাৰ প্ৰায় ৪৫ শতাংশ হলেও টকাৰ অংকৰ হিচাপত ইয়াৰ অংশ প্ৰায় ৯৮.৫ শতাংশ পৰ্যন্ত পাবগৈ৷ সেই কাৰণেই এই শ্ৰেণীৰ লেনদেনৰ ওপৰত বিশেষ নজৰ দিয়া হৈছে৷ ইয়াৰোপৰি যদি কোনো লেনদেন সন্দেহজনক ধাৰণা হয় তেতিয়া বেংক গ্ৰাহকৰ ওচৰৰ পৰা পুনৰায় নিশ্চিতকৰণ ল’ব পাৰে আৰু সম্ভাৱ্য প্ৰতাৰণা সম্পৰ্কেও সতৰ্কবাৰ্তা পঠিয়াব৷ ইয়াৰ ফলত জালিয়াতিৰ ঘটনা বহু কমাই দিয়া সম্ভৱ৷