ৰঙা কল, ক’লা আপেল, তেজ সুমথিৰা… খাই পাইছেনে, জানেনে কিমান উপকাৰী এই তিনিবিধ
সাধাৰণতে আমি দেখা ফল সমূহ প্ৰায়ে খোৱা যায়, যাৰ বহুত উপকাৰী গুণো থাকে। কল শৰীৰৰ বাবে শক্তিবৰ্ধক, আপেলত থাকে বহু ভিটামিন, সুমথীয়া ভিটামিন চি ৰে ভৰপুৰ। পাছে কেতিয়াবা দেখিছে ৰঙা ৰঙৰ কল, ক’লা আপেল আৰু তেজ তথা ৰঙা সুমথিৰা।
ৰঙা কল-
শৰীৰৰ বাবে অতিকে পুষ্টিদায়ক এই ফলত আছে বহু গুণ। ইয়াত শক্তি, কাৰ্বহাইড্ৰেট, আঁহ, প্ৰটিন, চৰ্বি, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ, ভিটামিন চি, কেলচিয়াম, ছডিয়াম, ভিটামিন বি ৯, আইৰণ আদি।
ৰঙা কলৰ বৈজ্ঞানিকভাৱে প্ৰমাণিত গুণসমূহ হ’ল-
ইয়াৰ এন্টি-মাইক্ৰ’বিয়াল গুণ থাকে। এন্টিঅক্সিডেন্ট গুণ, ৰেচক(মল-কোমল) গুণ, এচিডিটি হ্ৰাস কৰে, দৃষ্টিশক্তি উন্নত কৰে, কোষৰ অনিয়ন্ত্ৰিত বৃদ্ধি হ্ৰাস লগতে এই কল ডায়েবেটিছ থকা লোকেও খাব পাৰে। স্তন কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। উচ্চ ৰক্তচাপ হ্ৰাস, ৰক্তহীনতা নিয়ন্ত্ৰণত সহায়, ওজন হ্ৰাস কৰাত সহায়, তেজ বিশুদ্ধ কৰাত সহায়, ঋতুচক্ৰৰ সময়ত পেটৰ বিষ কমোৱাতো সহায়।
ক’লা আপেল-
ইয়াক ব্লেক ডাইমণ্ড আপেল বুলিও কোৱা হয়। ই অতিকে বিৰল, তিব্বতৰ নিয়িংচি অঞ্চলতহে ইয়াৰ ভাল খেতি হয়। প্ৰকৃততে ই ক’লা ৰঙৰ নহয়, অতি বেঙুনীয়া ৰঙৰ হে। ইয়াৰ কেৱল ফলবিধেই নহয়, ইয়াৰ পাতো চাহ হিচাপে ব্যৱহাৰ কৰিব পাৰি।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত এই আপেল মহৌষধ। ই ভোক বৃদ্ধি আৰু ওজন বৃদ্ধি কৰাত সহায় কৰে।
ক’লা আপেলত ভিটামিন চি থাকে, যাৰ এন্টিঅক্সিডেন্ট গুণ থাকে। ৰোগ প্ৰতিৰোধ ক্ষমতাৰ কোষক শক্তিশালী কৰি এন্টিঅক্সিডেন্টৰ ক্ৰিয়াই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
দৃষ্টিশক্তি ৰক্ষাৰ বাবেও ক’লা আপেলক উৎকৃষ্ট বুলি গণ্য কৰা হয়। আমেৰিকাৰ কৃষি বিভাগৰ তথ্য অনুসৰি ক’লা আপেলত ভিটামিন এৰ পৰিমাণ বেছি। ভিটামিন এ-এ আমাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাৰ উপৰিও অসংখ্য চকুৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
তেজ সুমথিৰা-
দেখিবলৈ সাইলাখ তেজৰ চেকুৰাৰ দৰে ইয়াৰ ভিতৰ অংশ যাৰ বাবে ইয়াক ব্লাড অৰেঞ্জ অথবা তেজ সুমথিৰা বুলি কোৱা হয়। ব্লাড কমলাৰ খেতি প্ৰথমে ইটালীত কৰা হৈছিল যদিও তাৰ পিছত ই সমগ্ৰ বিশ্বতে বিয়পি পৰিছে।
এই কমলাত থকা এন্টিঅক্সিডেন্ট, খনিজ পদাৰ্থ, আৰু অন্যান্য পুষ্টিকৰ উপাদানে স্বাস্থ্যৰ বাবে বহু উপকাৰ সাধন কৰিব পাৰে। ভিটামিন চিয়ে সুস্থ ৰক্তবাহী নলী আৰু পেশীক সহায় কৰি শৰীৰক সুস্থ হোৱাত সহায় কৰে। ইয়াৰ উপৰিও ই আপোনাৰ আইৰণ শোষণ উন্নত কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিটামিন ৷
তেজ কমলাত প্ৰচুৰ পৰিমাণে ফ্লেভন’ইড থাকে, যিয়ে এই ফলবোৰৰ সোৱাদ উন্নত কৰাত সহায় কৰে। এই যৌগটোৱে কিছুমান লোকৰ বাবে ষ্ট্ৰোকৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে অধিক ফ্লেভন’ইড খালে মহিলাৰ ইস্কেমিক ষ্ট্ৰোকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ