অসম লাইভ ২৪ঃ চিকিৎসাধীন কোভিড ৰোগীৰ বাবে আন এক জীৱনদায়িনী উদ্ভাৱন ইউনিভাৰচিটি অৱ অক্সফ’ৰ্ডৰ। ৰিজেনেৰণ এণ্টিব’ডি ‘ক’কটেইল’ উদ্ভাৱন কৰিছে অক্সফ’ৰ্ড ইউনিভাৰচিটিৰ গৱেষকসকলে। পৰীক্ষণৰ সময়ত কেইবাগৰাকী চিকিৎসাধীন কোভিড ৰোগীক কোভিড মুক্ত হোৱাত সহায় কৰিছে এই ‘ক’কটেইলে’। দুটা মন’ক’ল’নেল এণ্টিব’ডি casirivimab আৰু imdevimabৰ দ্বাৰা তৈয়াৰী ক’কটেইলে বিশেষভাৱে কোভিড ভাইৰাছৰ স্পাইক প্ৰ’টিনক পৃথক কৰে আৰু সংক্ৰমিত কোষবোৰৰ ক্ষমতা হ্ৰাস কৰে। পূৰ্বৰ গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি, চিকিৎসালয়ত ভৰ্তি নোহোৱা কোভিড ৰোগীৰ ক্ষেএত এই এণ্টিব’ডিয়ে সংক্ৰমণৰ মাত্ৰা হ্ৰাস কৰে। কম সময়ত লক্ষণসমূহ চিনাক্ত কৰাৰ লগতে ৰোগীৰ মৃত্যুৰ আশংকা কম কৰে এই এণ্টিব’ডিৰ ব্যৱহাৰে। ক্লিনিকেল গৱেষণাৰ মতে প্ৰায় ২০ শতাংশ পৰ্যন্ত ৰোগীৰ মৃত্যুৰ আশংকা হ্ৰাস কৰে ক’কটেইলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ