প্ৰথমবাৰ বিধায়ক হৈয়ে লাভ মুখ্যমন্ত্ৰী পদ, তালিকাত বহু কেইগৰাকী, এগৰাকী পাছলৈ প্ৰধানমন্ত্ৰী
প্রথমবাৰৰ বাবে বিধায়ক হোৱা ৰেখা গুপ্তাই দিল্লীৰ মুখ্যমন্ত্রী হ’বলৈ ওলাইছে । বহু পুৰণি তথা দিগ্বজ নেতাৰ পিছ পেলাই লাভ মুখ্যমন্ত্ৰী পদ। পাছে প্রথমবাৰৰ বাবে বিধায়ক হৈ বিজেপিয়ে মুখ্যমন্ত্রী হিচাপে নিযুক্তি দিয়াটো এইয়ে প্ৰথম নহয়৷ ৰেখা গুপ্তাৰ পূৰ্বেও একে ধৰণেৰে দুজন নেতাকো মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।
ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাসত এনে তিনিজন নেতাই প্ৰথমবাৰৰ বাবে বিধায়ক হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হৈছিল। ইয়াৰ ভিতৰত প্ৰথম নাম বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিজেপিৰ একমাত্ৰ নেতা মোডী যিয়ে মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে বিধায়ক বা সাংসদ নাছিল। গুজৰাটৰ মুখ্যমন্ত্রী হোৱাৰ সময়ত মোডী উপ-নির্বাচনত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।
ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাও এই তালিকাত। বিধানসভা নিৰ্বাচনৰ সময়ত টিকটৰ বাবে হাহাকাৰ কৰি অৱশেষত প্ৰথমবাৰৰ বাবে টিকট লাভ কৰাৰ লগতে নিৰ্বাচনত জয়ী হৈ প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হৈছিল। সেইবাৰেই প্ৰথমবাৰৰ বাবে বিধায়ক হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ পদো লাভ কৰিছিল।
এতিয়া ৰেখা গুপ্তাইও প্ৰথমবাৰৰ বাবে বিধায়ক হোৱাৰ পিছত মুখ্যমন্ত্ৰী নিৰ্বাচিৱত হৈ নৰেন্দ্ৰ মোডী আৰু ভজনলাল শৰ্মাৰ লগতে একে তালিকাতে উঠিছে। বিধায়ক হোৱাৰ পূৰ্বে ৰেখা গুপ্তা পৌৰসভাৰ ৰাজনীতিত সক্ৰিয় আছিল। মেয়ৰ হিচাপেও কাম কৰি আহিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ