সৰ্বসন্মতিক্ৰমে ৰেখা গুপ্তা দিল্লীৰ নতুন বিজেপি মুখ্যমন্ত্ৰী
দিল্লীয়ে পালে নতুন মুখ্যমন্ত্ৰী। বিজেপি বিধানসভা দলৰ বৈঠকত ৰেখা গুপ্তাৰ নাম অনুমোদন। ফলাফলৰ ১১ দিনৰ পাছত মুখ্যমন্ত্ৰীৰ ঘোষণা। নতুন চৰকাৰত মুখ্যমন্ত্ৰী পদৰ দৌৰত আগবাঢ়ি থকা প্ৰবেশ ভাৰ্মা উপ-মুখ্যমন্ত্ৰী হ’ব। আনহাতে ৰোহিনীৰ পৰা বিধায়ক বিজেন্দৰ গুপ্তা হ’ব দিল্লী বিধানসভাৰ অধ্যক্ষ।
ৰেখা গুপ্তা আৰু প্ৰৱেশ ভাৰ্মাই কাইলৈ দিনৰ ১২.৩০ বজাত ৰামলীলা ময়দানত এক অনুষ্ঠানত শপত গ্ৰহণ কৰিব। তেওঁৰ লগতে মন্ত্ৰীসভাও শপত গ্ৰহণ কৰিব।
বিজেপি হাইকমাণ্ডে বিধায়িনী দলৰ বৈঠকৰ বাবে পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছিল জ্যেষ্ঠ নেতা অ’ পি ধনকাৰ আৰু ৰবি শংকৰ প্ৰসাদক।
২৬ বছৰৰ মূৰত দিল্লীত বিজেপিয়ে বৃহৎ জয় লাভ কৰিছে। ৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা ফলাফলত বিজেপিয়ে ৭০খন আসনৰ ভিতৰত ৪৮খন আসন লাভ কৰে। ফলাফলৰ ১১ দিন পিছত ঘোষণা কৰা হয় মুখ্যমন্ত্ৰীৰ নাম।
ৰেখা গুপ্তা শলিমাৰ বাগৰ বিধায়ক। তেওঁ আপ নেত্ৰী বন্দনা কুমাৰীক ২৯,৫৯৫ টা ভোটত পৰাস্ত কৰি নিৰ্বাচিত হয়। ৰেখা গুপ্তাই লাভ কৰে ৬৮,২০০ ভোট। আনহাতে আপ নেত্ৰী বন্দনা কুমাৰীয়ে লাভ কৰে ৩৮,৬০৫টা ভোট। কংগ্ৰেছৰ প্ৰবীণ জৈনে লাভ কৰে মাত্ৰ ৪,৮৯২ টা ভোট।
ৰেখা গুপ্তা বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী। দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সম্পাদিকা আৰু সভানেত্ৰী আছিল। ইয়াৰ লগতে ২০০৭ আৰু ২০১২ চনত উত্তৰ পিতামপুৰাৰ পৰা কাউন্সিলাৰ আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ