সাধাৰণ লোকলৈ RBIৰ ডাঙৰ উপহাৰ, এতিয়াৰ পৰা সস্তা হ’ব ঘৰ-কাৰ লগতে সকলো লোন
ভাৰতীয় ৰিজাৰ্ভ বেংকে লৈ আহিছে এক ডাঙৰ খবৰ। সাধাৰণ লোকৰ বাবে বিশেষকৈ অহা এই খবৰে এতিয়া দেশৰ কোটি কোটি জনতাক দিব সকাহ। এতিয়াৰ পৰা সস্তা হব ঘৰ তথা বাহন তথা অন্য সকলো ধৰণৰ লোন।
ভাৰতীয় ৰিজাৰ্ভ বেংকে শুকুৰবাৰে আশা কৰাতকৈ অধিক কৰ্তন কৰিছে ৰেপো ৰেট। ৪ জুনৰ পৰা আৰম্ভ হোৱা আৰ বি আইৰ মুদ্ৰানীতি সমিতিৰ দুদিনীয়া বৈঠকৰ অন্তত RBIৰ গবৰ্নৰ সঞ্জয় মালহোত্ৰাই ৫০ বেচিছ পইণ্ট অৰ্থাৎ ০.৫০ শতাংশ কৰ্তনৰ কথা ঘোষণা কৰে। ইয়াৰ পিছত এতিয়া ৰেপো ৰেট ৫.৫ শতাংশলৈ হ্ৰাস পাইছে।
যোৱা ছমাহত আৰ বি আইয়ে একেৰাহে তৃতীয়বাৰৰ বাবে ৰেপো ৰেট কৰ্তন কৰে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত এই হাৰ ২৫ বেছিছ পইণ্ট আৰু তাৰ পিছত এপ্ৰিল মাহত পুনৰ ২৫ বেছিছ পইণ্ট কৰ্তন কৰা হৈছিল। ইয়াৰ পিছত ৰেপোৰ হাৰ ৬ শতাংশলৈ নামি আহিছিল। এতিয়া সেই ৰেপো ৰেট ৬ ৰ পৰা ৫.৫ শতাংশলৈ হ্ৰাস পাইছে।
আৰ বি আইৰ এই সিদ্ধান্তই এতিয়া দেশৰ কোটি কোটি সাধাৰণ জনতাক যথেষ্ট সকাহ দিব। ৰেপো ৰেট হ্ৰাস পোৱাৰ বাবে এতিয়া তুলনামূলকভাৱে কম সুতৰ হাৰত লাভ কৰিব ঘৰ লোন, গাড়ীৰ লোন, ব্যক্তিগত ঋণ আদি। সস্তা ঋণৰ বাবে মানুহৰ ইএমআইও কমি যাব আৰু এতিয়া তেওঁলোকে অধিক সঞ্চয় কৰিবলৈ সক্ষম হ’ব।
কেৱল এয়াই নহয়, ইএমআইত থকা সঞ্চয়ৰ দ্বাৰা সাধাৰণ মানুহে নিজৰ আন আন প্ৰয়োজন পূৰণ কৰিব পাৰিব বা আন কামত অধিক খৰচ কৰিব পাৰিব। উল্লেখ্য যে চাহিদা আৰু ব্যৱহাৰ বৃদ্ধিৰ বাবে দেশৰ অৰ্থনীতি শক্তিশালী হৈ উঠে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















