অসম লাইভ ২৪ঃ বহুদিন ধৰি মনত পুহি ৰখা খং-ক্ষোভ প্ৰেমলৈ ৰূপান্তৰ হ’বলৈ কেতিয়াবা এটা ক্ষণেই যথেষ্ট। মছজিদৰ নাম শুনিলেই বিতৃষ্ণাৰে মন ভৰি অহা এগৰাকী আমেৰিকান ব্যক্তিয়েই আজি মনে-প্ৰাণে ইছলাম ধৰ্মক আকোঁৱালি লৈছে। এদিন আমেৰিকাৰ সকলো মুছলমানক জ্বলাই পেলাবলৈ অংগীকাৰবদ্ধ হোৱা ব্যক্তিগৰাকীয়েই চলাইছে ইছলাম ধৰ্মৰ প্ৰচাৰ। কিন্তু এই অদ্ভুত ৰূপান্তৰ কেনেকৈ সম্ভৱ?
আমেৰিকাৰ নৌ সেনা বাহিনীত ২৫ বছৰে কৰ্মৰত আছিল ৰিচাৰ্ড মেককিনি নামৰ ব্যক্তিগৰাকী। নৌ সেনাত কৰ্মৰত হৈ থাকোতে বিশ্বৰ বিভিন্ন দেশলৈ যাব লগা হৈছিল ৰিচাৰ্ড। বিভিন্ন দেশৰ পৰম্পৰা ৰীতি-নীতিৰেও পৰিচিত হৈছিল ৰিচাৰ্ড। কিন্তু যেতিয়াই কোনো ইছলামিক দেশলৈ যাব লগা হৈছিল তেতিয়াই মানসিক অশান্তিয়ে কোঙা কৰিছিল ৰিচাৰ্ডক। ইছলামিক পৰম্পৰাৰ প্ৰতি ইমানেই বিতৃষ্ণা আছিল যে চাকৰি সামৰি নিজ দেশলৈ উভতি আহি দেশৰ প্ৰতিখন মছজিদেই জ্বলাই পেলোৱাৰ পৰিকল্পনা কৰিচিল ৰিচাৰ্ডে। কোনো ইছলাম ধৰ্মাৱলম্বী মহিলাই হিজাব পিন্ধি তেওঁৰ সন্মুখত উপস্থিত হ’লে সেই বাটেৰে যাত্ৰাই কৰা বাদ দিছিল ৰিচাৰ্ডে। কিন্তু হঠাতেই সকলো সলনি, মন সলনি হ’ল ৰিচৰ্ডৰ। এটি ক্ষণেই তেওঁৰ মনত ইছলাম ধৰ্মৰ প্ৰতি ইমানেই প্ৰেম আনি দিলে যে নিজেই সেই ধৰ্ম গ্ৰহণ কৰিলে ৰিচাৰ্ডে।
শুকুৰবাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে বিশেষ দিন। প্ৰত্যেকগৰাকী ইছলামধৰ্মী লোকেই এই দিনটোত মছজিদত নামাজৰ বাবে সমবেত হয়। ৰিচৰ্ডে ভৱামতেই ২০০৯ চনৰ এটা শুকুৰবাৰত আমেৰিকাৰ এটা মছজিদ (ইছলামিক চেণ্টাৰ) বোমাৰে উৰুৱাই দিয়াৰ পৰিকল্পনা কৰে। পৰিকল্পনামতেই সকলো ঠিকে-ঠাকেই আগবাঢ়িল। সেইদিনা মছজিদত সমবেত হৈছিল ২০০ ৰো অধিক ব্যক্তি। ৰিচাৰ্ডৰ বাবেও এইয়াই সোণালী সুযোগ। একেলগে উৰি যাব ৰিচাৰ্ডৰ চিৰবৈৰী ২০০ ৰো অধিক ইছলাম ধৰ্মাৱলম্বী লোক।
বহুদিনীয়া এই পৰিকল্পনা বাস্তৱত পৰিণত হ’বলৈ মাজত মাত্ৰ কেইটামান মিনিট। মছজিদৰ ভিতৰত প্ৰৱেশ কৰিলে ৰিচাৰ্ডে। তেতিয়াই কিছুমান লোকে শান্তভাৱে ৰিচাৰ্ডক মছজিদৰ ভিৰতলৈ মাতিলে৷ অৰ্থাৎ তেওঁলোক অজ্ঞাত যে ৰিচাৰ্ডে তেওঁলোককে বোমাৰে উৰুৱাবলৈ আহিছে৷ তেওঁলোকে খুৱ শান্তভাৱে ৰিচাৰ্ডক আদৰণি জনোৱাৰ উপৰিও আমেৰিকাক লৈ ধৰ্মক লৈ নিজা অনুভৱ ৰিচাৰ্ডৰ আগত সাৱলীলভাৱে প্ৰকাশ কৰিলে। আমেৰিকা অৰ্থাৎ জন্মস্থানৰ প্ৰতি থকা আনুগত্য, ধৰ্মৰ শৃংখলাবদ্ধতা এই সকলো দিশেই তেওঁলোকে ৰিচাৰ্ডৰ আগত ব্যক্ত কৰে। তেওঁলোকে ৰিচাৰ্ডক বিশেষ আলহীৰ দৰে ব্যৱহাৰ তথা আদৰ-সাদৰ কৰিলে৷
ইপিনে ৰিচাৰ্ডৰ হাতত ৰিম’টৰ বুটাম৷ টিপি দিলেই উৰি যাব শতাধিক লোকে৷ কিন্তু তেনেকুৱা একো নঘটিল৷ কিয়নো মছজিদৰ ভিতৰত ৰাচাৰ্ডে লাভ কৰা আদৰ-সাদৰ তথা সন্মানে ইতিমধ্যে সলনি কৰিছে ৰিচাৰ্ডৰ সিদ্ধান্ত৷ ৰিচাৰ্ডৰ অনুভৱ হ’ল যে তেওঁলোক তেনেকুৱা নহয়, যিদৰে তেওঁৰ মনত ঘৃণা জন্মিছিল৷ মছজিদত থকা লোকসকলৰ ব্যৱহাৰত ৰিচাৰ্ড খুব আনন্দিত হ’ল৷ এই অনুভৱেৰে মছজিদত বোমা দিয়াৰ সলনি মছজিদলৈ অহা-যোৱা কৰিবলৈ ধৰিলে আৰু প্ৰায় ৮ সপ্তাহ পাছত তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰে৷ ইয়াৰ পাছত ইছলামিক চেণ্টাৰৰ তেওঁ দুবছৰ কাল অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰে৷
এনকৈয়ে মুছলমানৰ প্ৰতি ঘৃণাৰে ভৰি থকা মন সলনি হৈ পৰে ৰিচাৰ্ডৰ আৰু গ্ৰহণ কৰে ইছলাম৷
ৰিচাৰ্ড মেককিনিৰ জীৱনৰ আধাৰত ‘Stranger at the Gate’ নামৰ এখন চুটি ছবিও নিৰ্মাণ হৈছে৷ ছবিখনৰ পৰিচালনা কৰিছে জশ্বুআ ছেপটেলে৷ পূৰ্বেও ছেফটেলে ৰিচাৰ্ডৰ ওপৰত The Secret Life of Mulim নামৰ এটা এপিছিঅ’ড পৰিচালনা কৰিছিল৷ যিখন BBCত প্ৰতি দেওবাৰে পুৱা সম্প্ৰচাৰ হৈছিল৷
মছজিদ উৰুৱাই দিয়াৰ পৰিকল্পনা কৰাৰ ১৩ বছৰৰ পাছতো মেককিনি এতিয়াও মুছলমান। তেওঁ এতিয়া কেৱল সমাজকৰ্মী হিচাপে কাম কৰাই নহয়, ঘৃণা বিৰোধী কৰ্মী আৰু বক্তাও হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ