ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিং আৰু সমাজবাদী পাৰ্টীৰ সংসদীয় সদস্য প্ৰিয়া সৰোজৰ বিবাহ আগন্তুক ১৯ নৱেম্বৰত হোৱাৰ কথা আছিল৷ কিন্তু ৰিংকু আৰু প্ৰিয়াৰ বিবাহ স্থগিত কৰা বুলি এক ৰিপৰ্ট প্ৰকাশ পাইছে৷ চলিত মাহৰ আৰম্ভণিয়ে ৰিংকু আৰু প্ৰিয়াই উত্তৰপ্ৰদেশৰ লক্ষ্ণৌত জাকজমকতাপূৰ্ণ এক অনুষ্ঠানত আঙুঠি পিন্ধোৱা পৰ্বৰে বিবাহৰ কথা ঘোষণা কৰিছিল৷ সেই অনুষ্ঠানত উপস্থিত আছিল সমাজবাদী পাৰ্টীৰ কেইবাগৰাকীও নেতা৷ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ, অভিনেত্ৰী আৰু সাংসদ জয়া বচ্চন আৰু ভাৰতীয় পেছাৰ ভুৱনেশ্বৰ কুমাৰৰ দৰে বিশিষ্ট ব্যক্তিও৷
ৰিংকু আৰু প্ৰিয়াৰ আঙুঠি পিন্ধোৱা অনুষ্ঠানৰ বিভিন্ন ছবি সামাজিক মাধ্যমত ভাইৰেলো হৈছে৷ আঙুঠি পিন্ধোৱা অনুষ্ঠানৰ বাবেই বিবাহৰ কথাও চৰ্চালৈ আহিছিল৷ ২০২৫ৰ নৱেম্বৰতেই বিবাহ সম্পন্ন হব বুলিও জনাইছিল বহু ৰিপৰ্টে৷ কিন্তু শেহতীয়াকৈ সৰ্বভাৰতীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা অনুসৰি ৰিংকু আৰু প্ৰিয়াৰ বিবাহৰ দিন পিছুৱাই দিয়া হৈছে৷ তেওঁলোকৰ বিবাহ ২০২৬ চনৰ ফেব্ৰুৱাৰীতহে সম্পন্ন হব৷ ৰিংকুৰ ক্ৰিকেটীয় ব্যস্ততাৰ বাবেই বিবাহৰ দিন নৱেম্বৰৰ পৰা পিছুৱাই ফেব্ৰুৱাৰীলৈ নিয়া হৈছে৷
সৰ্বভাৰতীয় প্ৰতিবেদনত কোৱা হৈছে যে ১৯ নৱেম্বৰত ৰিংকু আৰু প্ৰিয়াৰ বিবাহৰ দিন ধ্যাৰ্য কৰি বাৰাণসীৰ তাজ হোটেল বুক কৰা হৈছিল৷ কিন্তু ৰিংকু সিঙৰ ভাৰতীয় জাতীয় ক্ৰিকেট কমিটমেণ্ট থকাৰ বাবে বিবাহৰ তাৰিখ পিছুৱাই দিয়া হয়৷ আৰু কোৱা হৈছে যে সেই একেই হোটেলতেই বুকিং ৰাখি ২০২৬ৰ ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত বিবাহ অনুষ্ঠিত হব বুলি জনোৱা হৈছে৷ অৱশ্যে এতিয়াও তাৰিখ নিশ্চিত হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















