অসম লাইভ২৪ঃ আইপিএলত ৰিংকু জিলিকি উঠিছিল। আইপিএলৰ পাছৰে পৰাই ক্ৰিকেট অনুৰাগীৰ চিনাকী নাম ৰিংকু সিং। এই যাত্ৰাৰ পাছতেই দিন ভাললৈ আহিছে ৰিংকুৰ। ৰিংকুৱে এইবাৰ টি-২০ চিৰিজত ভাৰতীয় দলৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে। আগন্তুক ১২ জুলাইৰ পৰা এই চিৰিজ আৰম্ভ হ’ব। বিগত শুকুৰবাৰে বিচিচিআইয়ে টেষ্ট ক্ৰিকেট আৰু ওৱানডে স্কোয়াডৰ দিন ঘোষণা কৰিছে। এই দলত ইতিমধ্যেই যশস্বী জয়ছোৱাল আৰু মুকেশ কুমাৰৰ দৰে ক্ৰিকেটাৰেও সুযোগ লাভ কৰিছে।
ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজৰ সৈতে টি-২০ আৰু এদিনীয়া টেষ্টত খেলিব। ১২ জুলাইৰ পৰা আৰম্ভ হ’ব খেলখন। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদনমতে কলকাতা নাইট ৰাইডাৰ্ছৰ তাৰকা বেটাৰ ৰিংকু সিঙে এই খেলৰ জড়িয়তে ভাৰতীয় ক্ৰিকেট দলত পদাৰ্পণ কৰিব। ২৫বছৰীয়া ৰিংকুৱে আইপিএলৰ কেৰিয়াৰত ১৪ খন মেচত ৪৭৪ ৰান কৰিছে। তেওঁৰ বেটিঙৰ গড় ৰেট ৫৯.২৫ আৰু ষ্ট্ৰাইক ৰেট ১৪৯.৫২। আইপিএলত আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত তেওঁ ৫অভাৰত ৫টা ছিক্স কোবাই সকলোৰে দৃষ্টিত ধৰা দিছিল। শেষপৰ্যন্ত ৰিংকুৱে ৩৩টা বলত ৬৭ৰান ল’বলৈ সক্ষম হয়। ৰিংকুৰ হিটিং পাৰ্ফৰমেন্সতেই কলকাতা নাইট ৰাইডাৰ্ছে গুজৰাট টাইটানছক ৩উইকেটত পৰাস্ত কৰিবলৈকো সক্ষম হৈছিল।
এইবাৰ দলক নেতৃত্ব দিব হাৰ্দিক পাণ্ডিয়াই
টিম ইণ্ডিয়াৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই টি-২০ চিৰিজত ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব দিব। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এই টি-২০ চিৰিজত ভাৰতীয় ক্ৰিকেট দলৰ কেইবাজনো তাৰকা ক্ৰিকেটাৰক বাদ দিয়া হৈছে। ২০২২ চনৰ টি-২০ বিশ্বকাপৰ পাছতেই হাৰ্দিকে ২০ অভাৰৰ ফৰমেটত ভাৰতীয় ক্ৰিকেট দলক নেতৃত্ব দিছে। ইতিমধ্যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন কোচ ৰবি শাস্ত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘আগন্তুক বিশ্বকাপ টুৰ্ণামেণ্টত হয়তো ৰোহিত শৰ্মাৰ হাততেই ভাৰতীয় দলৰ দায়িত্ব থাকিব। কিন্তু ইয়াৰ পাছত ভাৰতৰ মাটিত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া টুৰ্ণামেণ্টত হাৰ্দিকক অধিনায়ক হিচাপে দেখা যাব পাৰে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ