অসম লাইভ ২৪ঃ সোমবাৰে কিংচ ইলেভেন পঞ্জাবৰ বিৰুদ্ধে সঞ্জু ছেমছনে শতৰান কৰা সত্ত্বেও পৰাজিত হ’ল ৰাজস্থান ৰয়েলছ। কিন্তু ইনিংছত ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ পাৰদৰ্শিতাই আকৰ্ষিত কৰিলে সকলোকে। ১১টা বলত ৩টা ছিক্সাৰেৰে সংগ্ৰহ কৰিলে ২৫ ৰান। দলক জিকাব নোৱাৰিলেও ৰিয়ান পৰাগৰ এই আকৰ্ষণীয় বেটিঙৰ ক্ষেত্ৰত সহায় কৰিলে বিৰাট কোহলীৰ এটা উপদেশে। বিগত iplত ৰিয়ান পৰাগক এই উপদেশ দিছিল কোহলীয়ে। কিমান ৰান সংগ্ৰহ কৰিছে সেয়া নহয়, তেওঁৰ ৰানে দলৰ অগ্ৰগতিত কিমান সহায় কৰিব সেই ক্ষেত্ৰত গুৰুত্ব দিবলৈ কৈছিল ৰিয়ান পৰাগক। ৰিয়ান পৰাগৰ ভাষ্য, ‘তুমি অৰেঞ্জ কেপ পাবলৈ এতিয়াও বাকী, কিমান ৰান কৰা সেইটোত গুৰুত্ব নিদিবা, তোমাৰ ৰানে দলক কিমান সহায় কৰিব সেইটোত গুৰুত্ব দিবা। খেলৰ সময়ত মাত্ৰ মনত ৰাখিবা গুৰুত্বপূৰ্ণ সময়ত বেটিং কৰিলে কিদৰে মূল্যৱান ২০-৩০ ৰান যোগ কৰিব পাৰি’। কোহলীৰ এই কথাই মানসিকতা সলনি কৰিছিল ৰিয়ান পৰাগৰ। পৰৱৰ্তী খেলত প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পীচ্চত শক্তিশালী ৰূপত দেখা পোৱা গৈছে ৰিয়ান পৰাগক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ