অসম লাইভ ২৪ঃ দান কৰিলে পুণ্য হয়। ভাৰতবৰ্ষত বিশেষভাৱে মনা হয় এই কথা। ভগৱানক সন্তুষ্ট কৰিবলৈ সাধ্যানুসৰি দান কৰে ভক্তই। কিন্তু ৰামৰাজ্য অযোধ্যাত সংঘটিত হৈছে ইয়াৰ বিপৰীত ঘটনা। ৰামমন্দিৰ নিৰ্মানৰ বাবে সংগৃহীত বৰঙনিৰ ২২ কোটি টকাৰ ১৫,০০০ খন চে’ক বাউঞ্চ হৈছে। বিশ্ব হিন্দু পৰিষদে মন্দিৰ নিৰ্মাণৰ বাবে সংগ্ৰহ কৰিছিল ধনৰাশি। মন্দিৰ নিৰ্মাণৰ বাবে কেন্দ্ৰই গঠন কৰা ন্যাস কমিটীৰ এক অ’ডিট ৰিপৰ্টত পোহৰলৈ আহিছে এই তথ্য। দাতাৰ একাউণ্টত কম টকা থকাৰ উপৰিও কিছু প্ৰযুক্তিগত ত্ৰুতিৰ বাবে চে’কসমূহ বাউঞ্চ হৈছে বুলি উল্লেখ কৰিছে মন্দিৰ ন্যাস কমিটীয়ে। এই বৃহৎ পৰিমাণৰ চে’কসমূহৰ প্ৰায় ২০০০ খন চে’ক সংগ্ৰহ কৰা হৈছিল অযোধ্যাৰ পৰা। বিশ্ব হিন্দু পৰিষদে ১৫ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈকে ধন সংগ্ৰহৰ বাবে এক অভিযানৰ দ্বাৰা দেশজুৰি সংগ্ৰহ কৰিছিল উক্ত চে’কসমূহ আৰু সংগ্ৰহ কৰিছিল মুঠ ৫০০০ কোটি টকা। উল্লেখ্য, চলিত বৰ্ষৰ মকৰ সংক্ৰান্তিৰ পাছৰে পৰা মন্দিৰ নিৰ্মাণৰ বাবে দান সংগ্ৰহ অভিযান আৰম্ভ হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ