বিবাহ অনুষ্ঠানৰ পৰা উভতি আহি থাকোতেই শোকাৱহ দুৰ্ঘটনা, বাটতে ৰৈ আছিল যমদূত
বৃহস্পতিবাৰে নিশা এটা পৰিয়ালৰ সৈতে সংঘটিত হয় এক অতিকে শোকাৱহ পথ দুৰ্ঘটনা। বিবাহ অনুষ্ঠানৰ পৰা উভতি আহি থাকোতেই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত পৰিয়াল।
উত্তৰ প্ৰদেশৰ চন্দৌলি জিলাত সংঘটিত হৈছে এই ঘটনা। বিবাহ অনুষ্ঠানত অংশ লৈ উভতি আহি থাকোতে এখন ট্ৰাকৰ সৈতে প্ৰচণ্ড জোৰে সংঘৰ্ষ হয়। এখন বলেৰ’ বাহনেৰে উভতি আহি আছিল পৰিয়ালটো।
এই দুৰ্ঘটনাত বলেৰ’ বাহন খনত যাত্ৰা কৰা চাৰিজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে গুৰুতৰভাৱে আহত হৈছে তিনিটা শিশুসহ ৭জন লোক। আহতসকলক ততাতৈয়াকৈ নিকট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ