কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে ৩ জনে
কাছাৰৰ নৰসিংহপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ দুঘটনাটোৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই ৩জনে লগতে আহত হয় আন কেইবাজনো৷
শিলচৰ-আইজল সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনাটো৷ এখন যাত্ৰী কঢ়িয়াই অনা ছুম’ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
আজি ১৭ মাৰ্চ দেওবাৰে পুৱা সংঘটিত হৈছে এই দুৰ্ঘটনাটো। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, যাত্ৰী কঢ়িয়াই অনা বাহন খন মিজোৰামৰ আইজলৰ দিশৰ পৰা আহি আছিল। হেন সময়তে বিপৰীত দিশেৰে অহা ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে, ছুম’খনৰ সমুখ ভাগ একেবাৰে ভাঙি চুৰমাৰ হৈ পৰে। স্থানীয় ৰাইজে কোনোমতে সমুখ ভাগ আতৰাই মৃতদেহৰ লগতে আহত সকলক উদ্ধাৰ কৰে।
ঠাইতে ছুম’নৰ চালক সহিতে দুই যাত্ৰীয়ে প্ৰাণ হেৰুৱাই। পাছে বৰ্তমানলৈ কোনো এজনৰে পৰিচয় জানিব পৰা হোৱা নাই। আহত সকলক লগে লগেই স্থানীয় লোক সকলে হাস্পতালত ভৰ্তি কৰায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















