অসম লাইভ২৪ঃ
ৰাজ্যত ধাৰাবাহিকভাৱে সংঘটিত হৈছে পথ দূৰ্ঘটনা৷
লংকাত ট্ৰেক্টৰৰ খুন্দাত প্ৰাণ হেৰুৱালে এগৰাকী কলেজীয়া ছাত্ৰীয়ে৷
দূৰ্ঘটনাত গুৰুতৰভাৱে আহত আন এগৰাকী ছাত্ৰী৷
লংকা জুনিয়ৰ কলেজলৈ বুলি স্কুটীৰে আহি থকা অৱস্থাত ডাবলঙৰ আমতলাত সংঘটিত হৈছে দুৰ্ঘটনাটো৷
দূৰ্ঘটনাটোত বিপৰীতমুখী এখন মাটি কঢ়িওৱা ট্ৰেক্টৰে খুন্দা মাৰে দুই স্কুটী আৰোহী৷
অতি সংকটজনক অৱস্থাত সংগীতা চৰকাৰ নামৰ ছাত্ৰীগৰাকীক লংকাৰ লংকেশ্বৰী হাস্পাতালত ভৰ্তি কৰা হয় যদিও মৃত্যুক সাৱটি লয় ছাত্ৰীগৰাকীয়ে।
গুৰুতৰভাৱে আহত আছমিনা চিদ্দিকা(১৮) নামৰ ছাত্ৰীগৰাকী চিকিৎসাধীন হৈ আছে লংকা প্ৰাথমিক চিকিৎসা কেন্দ্ৰত।
দুয়োগৰাকী ছাত্ৰী লংকা জুনিয়ৰ কলেজৰ উচ্চতৰ মাধ্যমিক(কলা)প্ৰথম বৰ্ষৰ ছাত্ৰী।
আৰক্ষীয়ে দূৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন ইতিমধ্যে জব্দ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ