দ্বিতীয়বাৰ পিতৃ হৈছে ৰোহিত শৰ্মা৷ শুকুৰবাৰে নিশা তেওঁৰ পত্নী ৰীতিকা ছাজদেই এটি পুত্ৰ সন্তান জন্ম দিছে৷ বৰ্তমানলৈকে অৱশ্যে ৰোহিত আৰু তেওঁৰ পৰিয়ালৰ কোনোৱে এই কথা স্পষ্ট কৰা নাই৷ পত্নীৰ কাষত থকাৰ বাবেই অষ্ট্ৰেলিয়ালৈকো যোৱা নাই ৰোহিত৷
২০১৫ চনত প্ৰথমবাৰ পিতৃ হৈছিল ৰোহিত৷ ছামাইৰাৰ জন্ম হৈছিল ২০১৫ চনত৷ ৯বছৰৰ পাছত দ্বিতীয়বাৰ পিতৃ হৈছে ৰোহিত৷ দ্বিতীয়বাৰ পত্নী অন্তঃসত্ত্বা হোৱাৰ খবৰো ৰাজহুৱা কৰা নাছিল ৰোহিতে৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট চিৰিজত নাথাকে বুলি আৰম্ভণিতেই জনাইছিল ৰোহিচে৷ তাৰপাছতেই এক সূত্ৰই প্ৰকাশ কৰিছিল ৰোহিত দ্বিতীয়বাৰলৈ পিতৃ হোৱাৰ খবৰ৷ পত্নী অন্তঃসত্ত্বা হোৱাৰ খবৰো কাকো জনোৱা নাছিল ৰোহিতে৷
ৰোহিতে অষ্ট্ৰেলিয়াৰ প্ৰথম মেচ নেখেলাক লৈ ক্ষুদ্ধ হৈছিল সুনীল গাৱস্কাৰ৷ তেওঁ কৈছিল, ‘অধিনায়কৰ প্ৰথম টেষ্ট খেলা খুবেই গুৰুত্বপূৰ্ণ৷ আঘাতপ্ৰাপ্ত হৈ থাকিলেও বেলেগ কথা৷ কিন্তু যদি সি প্ৰথম টেষ্ট নেখেলে তেন্তে সহকাৰী অধিনায়কৰ ওপৰত চাপ পৰে৷ ৰোহিতে এখন দুখন টেষ্ট খেলিব পাৰিলেহেতেন৷ প্রথম টেষ্টত ৰোহিতে অৱশ্যেই দলৰ সৈতে থকা উচিত আছিল৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ