বিৰাট কোহলীয়ে ১৮ বছৰৰ মূৰত প্ৰথ আই পি এল জয়ৰ ,সোৱাদ লাভ কৰিছে৷ বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত বিজয় উৎসৱৰ আয়োজনো কৰা হৈছিল৷ এই বিজয় উৎসৱেই কিন্তু দুখৰ বতৰা কঢ়িয়াই আনিছে৷ বিজয় উৎসৱত যোগ দিবলৈ গৈ পদপিষ্ট হৈ নিশাৰ ভাগলৈকে প্ৰায় ১১জনে প্ৰাণ হেৰুৱাইছে৷ আহত হৈছে প্ৰায় ৩৩ গৰাকীকৈ লোক৷
বুধবাৰে বিয়লি বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত মৰ্মান্তিক ঘটনাৰ পাছতো ষ্টেডিয়ামৰ ভিতৰত চলিছে উৎসৱ৷ এই বিষয়ক লৈ সমগ্ৰ দেশজুৰি উত্থাপিত হৈছে প্ৰশ্ন৷ অৱশেষত এই ঘটনাৰ ৬ ঘণ্টাৰ পাছত বিবৃতি দিছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু কৰ্তৃপক্ষই৷ মৃতকৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণো ঘোষণা কৰিছে কৰ্ণাটক ষ্টেট ক্ৰিকেট এছোচিয়েছনে৷
বুধবাৰে বিয়লি চাৰে ৪ বজাত চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত পদপিষ্ট হৈ মৃত্যু হৈছে ১১ জন আৰ চি বি সমৰ্থকৰ৷ আহত হৈছে ৩৩ জন৷ এই ঘটনাৰ পূৰ্বৰে পৰাই দূৰত্ব তৈয়াৰ কৰিছে ভাৰতীয় ক্ৰিকেট বৰ্ডে৷ বিজয় উৎসৰ উদ্যোক্তা আৰ চি বি কৰ্তৃপক্ষই দিয়া সেই বিবৃতি সামাজিকমাধ্যমত ভাগ কৰি কোহলিয়ে লিখিছে, ‘ভাষা বিচাৰি পোৱা নাই৷ অত্যন্ত হৃদয় বিদাৰক৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















