দুইপক্ষৰ প্ৰতিনিধিসকল ইস্তানবুলত উপস্থিত হৈছিল বৃহস্পতিবাৰে৷ তুৰস্কৰ বিদেশমন্ত্ৰী হাকান ফিদানৰ উপস্থিতিত দুইপক্ষৰ প্ৰতিনিধিসকল একলগ হৈছে৷ শুকুৰবাৰে চৰকাৰীভাৱে ইস্তানবুলৰ ৰয়েল পেলেছত কোনো মধ্যস্থতাকাৰী অবিহনেই যুদ্ধবিৰতিৰ প্ৰস্তাৱক লৈ প্ৰথমবাৰ দুই তৰপীয়া মুখামুখি আলোচনা আৰম্ভ হৈছে৷ ইউক্ৰেইন ৰুছ যুদ্ধই ইতিমধ্যেই অতিক্ৰম কৰিছে ১১৭৭ দিন৷
তুৰস্কৰ বৈঠকত ৰুছ প্ৰতিনিধিদলৰ নেতৃত্বত আছে প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনৰ উপদেষ্টা ভ্লাডিমিৰ মেডিনস্কি৷ অন্যহাতে ইউক্ৰেইনৰ প্ৰেছিডেণ্ট ভলোডিমিৰ জেলেনস্কিৰ দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰুস্তেম উমেৰভকে প্ৰতিনিধিদলৰ নেতা হিচাপে ইস্তানবুললৈ গৈছে৷ জেলেনস্কিয়ে নিজে তুৰস্কত থকাৰ বাবে প্ৰতিনিধি স্তৰৰ আলোচনাত যোগ দিয়া নাই৷ অন্যহাতে আমেৰিকাৰ বিদেশসচিব মাৰ্কো ৰুবিয়োও শুকুৰবাৰে পুৱাই তুৰস্কত উপস্থিত হৈছে৷ ৰাছিয়া-ইউক্ৰেইনৰ দ্বিপাক্ষিক বৈঠকত তেওঁৱো উপস্থিত নাথাকে৷ পৃথকভাৱে দুই দেশৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ’ব বুলি জনাইছে মাৰ্কিন বিদেশ মন্ত্ৰণালয়ে৷
উল্লেখ্য যে ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত চৰকাৰী টেলিভিছন চেনেলত জাতিৰ উদ্দেশ্যে বক্তৃতাত কিয়েভৰ বিৰুদ্ধে সামৰিক অভিযানৰ ঘোষণা কৰিছিল ৰুছ প্ৰেছিডেণ্ট পুটিনে৷ তাৰ কেইঘণ্টাৰ ভিতৰতেই ইউক্ৰেইনৰ নিৰ্দিষ্ট ৭০টা স্থানলৈ লক্ষ্য কৰি ক্ষেপণাস্ত্ৰ এৰিছিল ৰুছ বাহিনীয়ে৷ ইয়াৰোপৰি স্থল আৰু জলপথেৰেও আৰম্ভ হৈছিল যুদ্ধ৷ ডনাবাছ-ৰাছিয়া সীমান্তৰ ওপৰিও বেলাৰুছত মোতায়েন ৰুছ টেংক আৰু ব্ৰিগেডবাহিনী সোমাই পৰিছিল ইউক্ৰেইন সীমান্তত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















