অসম লাইভ২৪ঃ পাৰমানৱিক গোপন কোড লৈ চীন ভ্ৰমণত আছে ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিন। ‘চেগেট’ ব্ৰীফকেছ হাতত লৈ বেইজিং ভ্ৰমণত দেখা গৈছে ৰুছ প্ৰেছিডেণ্টক। পাৰমানৱিক অস্ত্ৰ ব্যৱহাৰৰ সময়ত এই ‘চেগেট’ ব্ৰীফকেচে কেনেকৈ কাম কৰিব? প্ৰতিৰক্ষা বিশেষজ্ঞই কি কয়?
চেগেট ব্ৰীফকেচত থাকে কমিউনিকেছনৰ ছেট-আপ। ইয়াৰ মাধ্যমেৰে ৰকেট ফৰ্ছক পাৰমানৱিক আক্ৰমণৰ নিৰ্দেশ দিব পাৰে ৰুছ প্ৰেছিডেণ্ট পুটিনে। বিশ্বৰ যিকোনো প্ৰান্তৰ পৰাই এই অৰ্ডাৰ দিব পাৰে পুটিনে। সূত্ৰৰ খবৰ অনুসৰি চেগেটৰ ভিতৰৰ অংশৰ গঠন সৰুসুৰা কম্পিউটাৰ দৰেই। ইয়াত আছে একাধিক ছুইচ। যাৰ এটা অংশ অন কৰিলেই ৰুছ ৰকেট বাহিনীৰ ওচৰলৈ যাব পাৰমানৱিক আক্ৰমণৰ চিগনেল। যি নেটৱৰ্কৰ মাধ্যমেৰে চেগেটে এই কাম কৰিব পাৰে। ইয়াৰ ভিতৰত থকা এই বিশেষ ছুইচৰ নাম হৈছে ‘কাজবেক’ ইলেক্ট্ৰনিক কামাণ্ড এণ্ড কন্ট্ৰল। উল্লেখ্য যে শীতল যুদ্ধৰ সময়ত নিউক্লিয়াৰ কোডৰ ব্ৰীফকেচ তৈয়াৰৰ পৰিকল্পনা কৰিছিল ৰাছিয়াই। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে সকলোসময়তে এই বিশেষ ব্ৰীফকেচ লগত ৰাখে। ৰাছিয়াৰ এই পদ্ধতিকেই অনুসৰণ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰইয়ো।
১৯৯০-১৯৯১ ৰ পৰাই এই চেগেট এক্টিভ কৰি ৰাখিছে ৰাছিয়াই। সেই সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি আছিল মিখাইল গৰ্বাছেভ। বৰ্তমান প্ৰেছিডেণ্ট পুটিনৰ ওপৰিও এই চেগেট আছে ৰুছ সেনাপ্ৰধানৰ ওচৰতো। আন্তৰাষ্ট্ৰীয় বহুকেইটা সংবাদ মাধ্যমৰ দাবী যে প্ৰেছিডেণ্ট হোৱাৰ পাছৰে পৰা এটা ছেকেণ্ডৰ বাবেও ৰুছ ৰাষ্ট্ৰপতি বাহিৰলৈ নোলায়। এই নিউক্লিয়াৰ কোড সম্বলিত বিশেষ ব্ৰিফকেচ কেতিয়াও জনবহুল এলেকাত মুকলিকৈ নেদেখুৱাই ৰাষ্ট্ৰপতি পুটিনে। পুটিনৰ চীন চফৰতহে প্ৰথমবাৰৰ বাবে এই ব্ৰীফকেচ সংবাদমাধ্যমৰ কেমেৰাত বন্দী হৈছে। জানিবুজিয়েই এই ছবি তুলিবলৈ দিছে নেকি পুটিনে সেই কথাও চৰ্চালৈ আহিছে।
এই ৰুছ চেগেট কঢ়িয়াই ৰুছ নৌসেনাৰ অধিকাৰীয়েই। বেইজিঙত চীনৰ প্ৰেছিডেণ্টৰ সৈতে ঝি জিনপিঙৰ সৈতে হোৱা বৈঠকৰ পাছতেই প্ৰেছিডেণ্ট পুটিন বাহিৰলৈ ওলাই আহোতে তেওঁৰ সৈতে আছিল দুজন নৌ সেনা অফিচাৰ। তেওঁলোকৰ হাততেই আছিল চেগেট। ককেছাচ পৰ্বতমালাৰ মাউণ্ট চেগেটৰ নামেৰে এই ব্ৰিফকেচৰ নাম ৰাখিছে ৰাছিয়াই। মস্কোৰ চৰকাৰী সংবাদমাধ্যমৰ দাবী যে এই ব্ৰীফকেচ অবিহনে ৰুছ প্ৰেছিডেণ্টে কোনো বিদেশ ভ্ৰমণ নাৰাখে।
বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইন আক্ৰমণ কৰিছে ৰাছিয়াই। এই যুদ্ধৰ বাবে পুটিনকেই সম্পূৰ্ণৰূপে দোষী সাব্যস্ত কৰিছে আমেৰিকাসহ পশ্চিমীয়া প্ৰায়কেইখন দেশেই। প্ৰেছিডেণ্ট পুটিনৰ বিৰুদ্ধে জাৰি হৈছে গ্ৰেফতাৰি পাৰোৱানাও। প্ৰতিৰক্ষা বিশেষজ্ঞৰ দাবী যে বিদেশ ভ্ৰমণৰ সময়ত কোনোৱে যাতে তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তাৰবাবেই এই ব্ৰীফকেচ কঢ়িয়াই পুটিনে। কোনোৱে যদি পুটিনক গ্ৰেপ্তাৰৰ চেষ্টা কৰে তেন্তে পাৰমানৱিক আক্ৰমণৰ নিৰ্দেশ দিব পুটিনে। কিন্তু হামাছ ইজৰাইলৰ যুদ্ধৰ সময়ত এইদৰে ব্ৰীফকেচ লৈ ঘূৰা ফুৰা কৰাটো উদ্বেগৰ বিষয় বুলি প্ৰকাশ কৰিছে বিশেষজ্ঞৰ দলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ