ইউক্ৰেইন আক্ৰমণলৈ যোৱা ৰাছিয়ান সৈন্যই নিজৰ মাজতে আক্ৰমণ প্ৰত্যাক্ৰমণৰ আৰম্ভ কৰিছে৷ এই বিস্ফোৰক দাবী কৰা হৈছে নিউয়ৰ্কছ টাইমছ-ৰ এখ প্ৰতিবেদনত৷
পেণ্টাগনৰ এজন বিষয়াৰ উদ্ধৃতিৰে মাৰ্কিন সংবাদ পত্ৰখনে দাবী কৰিছে যে ৰাছিয়ান সৈন্যসকল খাদ্য, ইন্ধনকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ সংকটত ভুগিছে যাৰ ফলত তেওঁলোকৰ মনোবল হ্ৰাস হৈছে৷
লগতে পঢ়ক কীয়েভ দখলৰ পূৰ্বে ৰৈ গৈছে ৬৪ কিঃমিঃ ৰুছ সেনাৰ বিশাল কনভয়! কিন্তু কিয়?
প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে ৰাছিয়াৰ সৈন্যসকলৰ অধিকাংশকেই সঠিক প্ৰশিক্ষণৰ অবিহনে ইউক্ৰেইন আক্ৰমণৰ বাবে প্ৰেৰণ কৰা হৈছিল৷ আনহাতে ৰাছিয়ান সৈন্যসকলে ইউক্ৰেইনৰ সৈন্যৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো সম্পূৰ্ণ অপ্ৰত্যাখিত আছিল৷
পেণ্টাগনৰ বিষয়াজনৰ মতে অধিকাংশ সেনাই গমেই পোৱা নাছিল যে তেওঁলোকক ইউক্ৰেইনক আক্ৰমণৰ বাবে ৰাছিয়াই প্ৰেৰণ কৰিছে৷ ইউক্ৰেইনৰ সেনাৰে যুঁজত অৱতীৰ্ণ হোৱাৰ পৰা আঁতৰি থাকিবলৈ ৰাছিয়ান সেনাসকলে নিজৰ বাহনৰ চকা ফুটোৱাৰ লগতে ক্ষতিসাধনো কৰিছে৷
লগতে পঢ়ক যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?
ইতিমধ্যে এক বাতৰি প্ৰকাশ পাইছিল যে কীয়েভলৈ যাত্ৰা কৰা ৰাছিয়ান সেনাৰ ৬৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ কনভয়টোৰ গতি পূৰ্বতকৈ মন্থৰ হৈ পৰিছে৷ তেওঁলোকৰ নিজৰ মাজত চলা অঁৰিয়াঅঁৰিৰ বাবেই উক্ত বিশাল কনভয়টোৱে ইউক্ৰেইন আক্ৰমণ আৰম্ভ কৰা ৮ টা দিনৰ পিছতো কীয়েভ দখল কৰিবলৈ সক্ষম হোৱা নাই বুলি কোৱা হৈছে৷
প্ৰতিবেদনখনত কোৱা হৈছে যে পেণ্টাগনৰ বিষয়াগৰাকীয়ে বন্দী হোৱা ৰাছিয়ান সৈন্যৰ স্বীকাৰোক্তিৰ ভিত্তিত এই তথ্য সদৰী কৰিছে৷ ৰাছিয়ান সেনাই কামাণ্ডাৰ নিৰ্দেশ পালন নকৰি পৰস্পৰে পৰস্পৰৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণত প্ৰবৃত্ত হোৱা বুলিও দাবী কৰা হৈছে৷
লগতে পঢ়ক ৰাছিয়াৰ আক্ৰমণ অব্যাহত : তাৰ মাজতে সামান্য সকাহ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ!
অৱশ্যে পেণ্টাগনৰ বিষয়াৰ উদ্ধৃতিৰে নিউয়ৰ্ক টাইমছ-এ প্ৰকাশ কৰা এই প্ৰতিবেদন কিমান দূৰ সত্য এয়া সময়েহে ক’ব৷ কাৰণ শত্ৰু ৰাষ্ট্ৰৰ সেনাৰ মনোবল ভাঙিবলৈ শত্ৰু ৰাষ্ট্ৰ সংবাদ মাধ্যমে বিভিন্ন কৌশল অৱলম্বন কৰে৷ এই প্ৰতিবেদনো তাৰেই অংশ নে সত্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















