যোৱা ২৭ জুনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয়৷ ঘোষিত ফলাফল অনুসৰি কলা শাখাত কামৰূপা গাৰ্লছ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা সাধনা দেৱী নামৰ মেধাৱী পৰীক্ষাৰ্থীগৰাকীয়ে যৌথভাৱে অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়৷
কিন্তু পৰীক্ষাৰ ফলাফল হোৱাৰ কিছুদিনৰ পিছতে পৰীক্ষাৰ্থীগৰাকীৰ বহী পৰীক্ষণক লৈ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ দ্য নৰ্থ ইষ্ট ক্ৰ’ণিকল-এ প্ৰকাশ কৰা মতে পৰীক্ষাৰ্থী সাধনা দেৱীৰ বহী পৰীক্ষণ কৰা তিনিগৰাকী শিক্ষয়িত্ৰীৰ বিৰুদ্ধে অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে৷
শোণিতপুৰৰ বিদ্যালয়ৰ পৰিদৰ্শকে শুকুৰবাৰে এই অভিযোগৰ ভিত্তিতে তিনি পৰীক্ষকৰ বিৰুদ্ধে তদন্ত কৰা বুলিও প্ৰকাশ পাইছে৷ অৱশ্যে এই সংক্ৰান্তীয় বিতং তথ্য এতিয়াও প্ৰকাশ পোৱা নাই৷
লগতে পঢ়ক জনতাৰ কঁকালত পৰিব নেকি মাধমাৰ? পেট্ৰল, ডিজেলৰ এটিএফ কৰ বৃদ্ধি চৰকাৰৰ
স্মৰ্তব্য যে ফলাফল ঘোষণা কৰাৰ পিছতে কলা শাখাত যৌথভাৱে প্ৰথম স্থান প্ৰাপ্ত ছাত্ৰী সাধনা দেৱীয়ে এক অনাহূত বিতৰ্কত সাঙুৰ খাই পৰে৷ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কামকাজক ভূয়সী প্ৰশংসা কৰাৰ বাবে ছাত্ৰীগৰাকীক সামাজিক মাধ্যমত একাংশ লোকে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে৷
ইফালে সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে সংবাদ মাধ্যমতে তিনিগৰাকী শিক্ষয়িত্ৰীয়ে এই বিতৰ্কত হাত উজান দি অন্য এক বিতৰ্কৰ সূত্ৰপাত ঘটায়৷ শিক্ষয়িত্ৰীকেইগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে সাধনা দেৱী পৰীক্ষা বহীত ১০০ নম্বৰ দিলেও সেই নম্বৰ তেওঁৰ বাবে কম হ’ব৷
আনহাতে সামাজিক মাধ্যমৰ লগতে একাংশ সংবাদ মাধ্যমতো সাধনা দেৱীৰ স্থানীয় কিছু লোকে তেওঁৰ বিৰুদ্ধে গুৰুতৰ তথা বিস্ফোৰক অভিযোগ উত্থাপন কৰে৷ স্থানীয় কিছুসংখ্যক লোকে সাধনা দেৱীয়ে প্ৰথম স্থান লাভ কৰাটো দূৰৰে কথা প্ৰথম বিভাগ পোৱাৰো যোগ্য নহয় বুলি অভিযোগ কৰে৷
লগতে পঢ়ক PAN-Aadhaar link কৰা নাই নেকি? ভৰিব লাগিব দুগুণ জৰিমনা, কিমান হ’ব জৰিমনা?
ইয়াৰ পিছতে নেট-নাগৰিকে এই বিষয়বোৰ সন্দৰ্ভত ছাত্ৰী সাধনা দেৱীৰ লগতে উক্ত তিনিওগৰাকী শিক্ষয়িত্ৰীকো তীৰ্যক মন্তব্যৰে সমালোচনা কৰিবলৈ আৰম্ভ কৰে৷ নেট-নাগৰিকে পৰীক্ষক তথা শিক্ষয়িত্ৰীকেইগৰাকীৰ বিৰুদ্ধে পৰীক্ষাৰ্থীৰ পৰীক্ষা বহী পৰীক্ষণৰ গোপনীয়তা ভংগৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে৷
আনকি বহুতে কেৱল ৰোল নম্বৰ উল্লেখ থকা পৰীক্ষা বহীসমূহ পৰীক্ষাৰ্থী সাধনা দেৱীৰ বুলি তেওঁলোকে কেনেকৈ জানিব পাৰিলে বুলিও প্ৰশ্ন কৰে৷
লগতে পঢ়ক ‘মোৰ স্বামীক ভাড়ালৈ নিয়ক’, ধন উপাৰ্জনৰ অভিনৱ কৌশল বিবাহিতা মহিলাৰ!
এইবোৰ বিতৰ্ক আৰু প্ৰশ্ন উত্থাপন হোৱাৰ পিছতেই সাধনা দেৱীৰ পৰীক্ষা বহী পৰীক্ষণত বিসংগতি তথা অনিয়ম সংঘটিত হোৱা বুলি আশংকা কৰি তদন্ত কৰা বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে এই প্ৰশ্ন তথা অভিযোগসমূহ কিমান সত্য সেয়া তদন্ততে স্পষ্ট হ’ব৷
কিন্তু সাধনা দেৱীয়ে সংবাদ মাধ্যমত দিয়া মন্তব্যৰ জেৰ টানি ছাত্ৰীগৰাকীক সামাজিক মাধ্যমত একেলেথাৰিয়ে ট্ৰল, আক্ৰমণ তথা সমালোচনা কৰি থকাটো কিমান সমীচিন সেয়া বিবেকবান মানুহে অনুধাৱন কৰা উচিত৷ কিয়নো এনে আক্ৰমণে কোমল বয়সৰ সাধনা দেৱীক মানসিকভাৱে ভাঙি পেলাব পাৰে৷
সেই বিতৰ্কৰ গইনা লৈয়ে বা বিতৰ্কসমূহৰ আধাৰতে যদি পৰীক্ষাৰ্থীগৰাকীৰ বহী পনৰীক্ষণৰ দৰে পদক্ষেপ লোৱা হৈছে আৰু এই সমস্ত অভিযোগ অসত্য বুলি প্ৰমাণিত হয় তেতিয়া শিক্ষাৰ্থীগৰাকীক ওপৰত চলা মানসিক হাৰাশাস্তিৰ বাবে কোনে দায়িত্ব ল’ব সেই প্ৰশ্নটোও এৰাই চলিব নোৱাৰি৷ আৰু সঁচাই যদি সাধনা দেৱীৰ বহী পৰীক্ষণত সংশ্লিষ্ট পৰীক্ষককেইগৰাকীয়ে অনিয়ন সংঘটিত কৰিছিল তেনে তাৰ বাবে সাধনা দেৱীতকৈ পৰীক্ষককেইগৰাকীহে দায়ী হ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা উচিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ