ছেইফ আলী খানৰ আক্ৰমণকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি, ‘বাংলাদেশৰ ৰাষ্ট্ৰীয় মল্লযুঁজাৰু’
বলীউডৰ অভিনেতা ছেইফ আলী খানক আক্ৰমণ কৰা অভিযুক্তই আৰক্ষীৰ সন্মুখত নিজৰ অপৰাধ স্বীকাৰ কৰিছে। ইয়াৰ লগেতে অভিযুক্তৰ সন্দৰ্ভত এক বৃহৎ তথ্য প্ৰকাশ পাইছে।
আৰক্ষীৰ দাবী যে অভিযুক্ত মহম্মদ শ্বৰীফুল ইছলাম শ্বাহজাদে বিবৃতিটোত কৈছিল যে তেওঁ বাংলাদেশৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আছিল আৰু পূৰ্বে কম ওজনৰ শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। জিলা পৰ্যায় আৰু ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপতো অংশ লৈছিল।
লগতে ইয়াকো স্বীকাৰোক্তি দিয়ে যে, মল্লযুঁজৰ অভিজ্ঞতাৰ বাবেই ছেইফ আলী খানৰ গধুৰ শৰীৰৰ লগতো শক্তিৰে যুঁজ দি উপৰ্যুপৰি আক্ৰমণ কৰিবলৈ পাৰিছিল।
অভিযুক্তৰ সন্দৰ্ভত আৰক্ষীয়ে দাবী কৰে যে তেওঁ বাংলাদেশৰ নাগৰিক আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি বাস কৰি আছিল।
আৰক্ষীৰ মতে, মহম্মদ শ্বৰীফুলে ইয়াৰ পূৰ্বেও ছেইফ আলী খানৰ ঘৰলৈ গৈছিল। ঘৰ চোৱাচিতা এজেন্সীৰ জৰিয়তে ছেইফৰ ঘৰত চাফাই কাম কৰিছিল।
ইয়াৰ উপৰিও আৰক্ষীয়ে এই কথাও প্ৰকাশ কৰে যে অভিযুক্তৰ প্ৰকৃত নাম শ্বেহজাদ, কিন্তু নিজকে বিজয় দাস, বিজয় ইলিয়াছ, বি জেৰ দৰে আন বহু নামেৰে নিজৰ পৰিচয় দি আহিছিল। অভিযুক্তই ভাৰত অবৈধভাৱে থকাৰে পৰা বাৰে বাৰে নাম সলনি কৰি আছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















