ভয়ংকৰ পথ দুৰ্ঘটনা, একেলগে প্ৰাণ হেৰুৱালে ৫ চিকিৎসকে
পুৱতি নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। একেলগে প্ৰাণ হেৰুৱালে ৫ গৰাকী চিকিৎসকে, লগতে আন এগৰাকীৰ অৱস্থা গুৰুতৰ। এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কনৌজ জিলাত।
লক্ষ্ণৌ-আগ্ৰা এক্সপ্ৰেছৱে’ত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাটোত ঘটনাস্থলীতে মৃত্যু হয় ৫জন লোকৰ। বুধবাৰ পুৱতি নিশা প্ৰায় ৩ মান বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাটোৰ মুখ্য কাৰণ বাহন খনৰ নিয়ন্ত্ৰণ হেৰুওৱা বুলি জানিব পৰা গৈছে।
বাহনখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰি ডিভাইডাৰ ভাঙি আনটো পথত গৈ উঠে, যাৰ ফলত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে বাহনখন, লগতে বাহনখনত থকা উত্তৰ প্ৰদেশৰ ছেফই মেডিকেল বিশ্ববিদ্যালয়ৰ ৫ চিকিৎসক নিধন হয়।
জানিব পৰা মতে কেউজন লোক লক্ষ্ণৌত এক বিবাহ অনুষ্ঠানত অংশ লৈ উভতি আহি আছিল। তেতিয়াই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ