অসম লাইভ ২৪ঃ বলীউডৰ ভাইজান তথা চলমান খানৰ ভাতৃ চোহেল খান, আৰবাজ খান আৰু ভতিজা নির্বাণৰ বিৰুদ্ধে FIR দাখিল কৰিছে MBCয়ে। ক’ৰোনা নীতি-নিয়ম উলংঘা কৰাৰ বাবেই মুম্বাই নগৰ নিগমে তেওঁলোকৰ বিৰুদ্ধে FIR দাখিল কৰিছে। উল্লেখ্য যে ২৫ ডিচেম্বৰত ডুবাইৰ পৰা আহি মুম্বাইত উপস্থিত হৈছিল চোহেল খান, তেওঁৰ পুত্ৰ নির্বাণ আৰু আৰবাজ খান। তেওঁলোকক এয়াৰপোর্টৰ পৰা গৈ হোটেল কোৱাৰেণ্টাইনত থকাৰ নির্দেশ দিছিল মুম্বাই নগৰ নিগমে। কিন্তু তেওঁলোকে সেই নির্দেশ অমান্য কৰি বিমানবন্দৰৰ পৰা চিধাই ঘৰলৈ গুচি গৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ