অসম লাইভ ২৪ঃ ক’ৰোনা মহামাৰী চলি থকাৰ মাজতে এইবাৰ আৰম্ভ হৈছে বাৰ্ড ফ্লুৰ আতংক। দেশত কেইবাখনো ৰাজ্যত ধৰা পৰিছে বাৰ্ড ফ্লু। ঠায়ে ঠায়ে কুকুৰাকে ধৰি পোহনীয়া চৰাই মাৰি পেলোৱাৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। ৰাজস্থান, মধ্যপ্ৰদেশ, গুজৰাট, হিমাচল প্ৰদেশ আৰু কেৰালাত বাৰ্ড ফ্লু’ত লক্ষাধিক পক্ষীৰ মৃত্যু হৈছে।
বাৰ্ড ফ্লু’ৰ আতংকত ৰাজস্থানত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে। কেৰালাত s5n8 ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৪০ হাজাৰ পোহনীয়া চৰাই মাৰি পেলোৱাৰ সিদ্ধান্ত লৈছে চৰকাৰে। পৰিভ্ৰমী চৰাইৰ দেহতো ধৰা পৰিছে এই ভাইৰাছ। আনকি মৃত্যু হৈছে কাউৰীৰো।
কেৰালাত বাৰ্ড ফ্লু’ক ৰোধৰ বাবে ৫০ হাজাৰ হাঁহ হত্যা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। হাঁহ পালকসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ