• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

3 weeks ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

11 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

12 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

12 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

13 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

14 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

14 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

15 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

15 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

16 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

17 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

17 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

ৰাঁচীৰ অমৰদীপ কুমাৰৰ সংগ্ৰামৰ কাহিনী

editor by editor
September 2, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত
0
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি
0
SHARES
384
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এহাতে দেশৰ হৈ লাভ কৰা চাৰিটাকৈ আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক, আনহাতে পৰিয়াল চলাবলৈ হাতত শাক-পাচলিৰ দগা-পাল্লা। এই দৃশ্যই যেন ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ এক কঠিন বাস্তৱ ছবিকে তুলি ধৰিছে। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীৰ আন্তঃৰাষ্ট্ৰীয় থ্ৰ’বল খেলুৱৈ অমৰদীপ কুমাৰৰ জীৱন কাহিনীয়ে এতিয়া চৰ্চা লাভ কৰিছে। দেশৰ হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চাৰিটাকৈ স্বৰ্ণ পদক জয় কৰাৰ পাছতো বৰ্তমান অমৰদীপে ৰাস্তাৰ কাষত শাক-পাচলি বিক্ৰী কৰাৰ লগতে ব্যক্তিগত কেব চলাই পৰিয়াল পোহপাল দিবলৈ বাধ্য হৈছে। তেওঁৰ এই পৰিস্থিতিয়ে ক্ৰীড়া প্ৰতিভাক লৈ চৰকাৰৰ সহায়-সমৰ্থন আৰু ক্ৰীড়াবিদসকলৰ ভৱিষ্যৎক লৈ বহু প্ৰশ্ন উত্থাপন কৰিছে।

ৰাঁচীৰ আৰ্গোৰা অঞ্চলৰ বাসিন্দা অমৰদীপ কুমাৰে ২০১০ চনৰ পৰা থ্ৰ’বল খেলিবলৈ আৰম্ভ কৰিছিল। ২০১০ৰ পৰা ২০১৩ চনৰ ভিতৰত তেওঁ বিভিন্ন ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। অৰ্থনৈতিক সমস্যা আৰু সীমিত সুবিধা থকা সত্ত্বেও তেওঁ খেলৰ প্ৰতি থকা আগ্ৰহ এৰি দিয়া নাছিল। কঠোৰ পৰিশ্ৰমৰ ফলতে ২০১৫ চনত তেওঁ মালয়েছিয়াত অনুষ্ঠিত জুনিয়ৰ এছিয়ান থ্ৰ’বল চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰে। এই প্ৰতিযোগিতাত অমৰদীপে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই দেশৰ হৈ স্বৰ্ণ পদক জয় কৰে। এয়া আছিল তেওঁৰ কেৰিয়াৰৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক।

প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় সফলতাৰ পিছত অমৰদীপৰ কৃতিত্বৰ ধাৰা অব্যাহত থাকে। ২০১৭ চনত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত ভাৰত-নেপাল থ্ৰ’বল চেম্পিয়নশ্বিপত তেওঁ পুনৰ স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ পিছত ২০১৯ চনত বেংগালুৰুত অনুষ্ঠিত উদ্বোধনী দক্ষিণ এছিয়ান থ্ৰ’বল চেম্পিয়নশ্বিপতো অমৰদীপে স্বৰ্ণ পদক জয় কৰে। ২০২৬ চনত অনুষ্ঠিত দ্বিতীয় দক্ষিণ এছিয়ান থ্ৰ’বল চেম্পিয়নশ্বিপতো তেওঁ ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰে। অৰ্থাৎ, এতিয়ালৈকে দেশৰ হৈ অমৰদীপে চাৰিটা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে। কিন্তু ইমানবোৰ সফলতাৰ পাছতো তেওঁৰ ব্যক্তিগত জীৱনৰ আৰ্থিক সমস্যাৰ বিশেষ পৰিৱৰ্তন নহ’ল।

অমৰদীপৰ অভিযোগ অনুসৰি, তেওঁৰ ক্ৰীড়া কৃতিত্বৰ ভিত্তিত এতিয়াও তেওঁ কোনো স্থায়ী চৰকাৰী চাকৰি লাভ কৰা নাই। পৰিয়ালৰ দায়িত্ব আৰু আৰ্থিক সমস্যাৰ বাবে এতিয়া তেওঁ খেলৰ লগতে জীৱিকাৰ বাবেও আন কাম কৰিবলগীয়া হৈছে। ৰাতিপুৱা আৰু গধূলি তেওঁ ৰাস্তাৰ কাষত শাক-পাচলি বিক্ৰী কৰে। আনহাতে দিনৰ ভাগত কেব চলাই অতিৰিক্ত উপাৰ্জন কৰে। এজন আন্তঃৰাষ্ট্ৰীয় পদক বিজয়ী খেলুৱৈৰ এনে জীৱন যাত্ৰাই স্বাভাৱিকতেই বহু লোকক চিন্তিত কৰি তুলিছে।

অমৰদীপৰ মতে, তেওঁ ঝাৰখণ্ড চৰকাৰৰ ক্ৰীড়া বিভাগৰ ওচৰত আৰ্থিক সাহায্য আৰু চাকৰিৰ বাবে আবেদন কৰিছিল। কিন্তু থ্ৰ’বল অলিম্পিক খেলৰ অন্তৰ্ভুক্ত নহোৱাৰ বাবে এই খেলক আন বহু খেলৰ দৰে অগ্ৰাধিকাৰ দিয়া নহয় বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁৰ অভিযোগ, এই কাৰণতে তেওঁ প্ৰয়োজনীয় চৰকাৰী সহায় লাভ কৰিব পৰা নাই। অমৰদীপে এতিয়া চৰকাৰৰ ওচৰত স্থায়ী চাকৰি আৰু আৰ্থিক সাহায্যৰ দাবী জনাইছে। তেওঁৰ মতে, চৰকাৰৰ পৰা উপযুক্ত সহায় লাভ কৰিলে পৰিয়াল চলোৱাৰ চিন্তা কিছু পৰিমাণে কমিব আৰু তেওঁ পুনৰ সম্পূৰ্ণ মনোযোগেৰে খেলৰ প্ৰশিক্ষণত মনোনিৱেশ কৰিব পাৰিব।

অমৰদীপে ৰাস্তাৰ কাষত শাক-পাচলি বিক্ৰী কৰাৰ ছবি আৰু তেওঁৰ কাহিনী ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে। এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে ক্ৰীড়া বিভাগক বিষয়টো পৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছত অমৰদীপ আৰু তেওঁৰ পৰিয়ালৰ মাজত নতুন আশাৰ সৃষ্টি হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24sports
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা
অপৰাধ

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

September 22, 2026
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন
জীৱনশৈলী

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

September 22, 2026
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
Next Post
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ'ল ১০০ বছৰ পুৰণি মন্দিৰ!

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.