• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

1 month ago
বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

6 seconds ago
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

19 minutes ago
তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

তালিকাৰ দ্বিতীয় স্থানত অসমৰ ৰূপসী

2 hours ago
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

4 hours ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

4 hours ago
ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

ৰাস্তাত বাহনৰ পিছত কিয় দৌৰে কুকুৰে? বাহনৰ চকাত কিয় প্ৰস্ৰাৱ কৰে কুকুৰে?

5 hours ago
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

6 hours ago
কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

কোন দিশত, কি ধৰণৰ পৰ্দা লগাব? পৰ্দা কিনা আৰু লগোৱাৰ সঠিক পদ্ধতি

7 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

15 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

15 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

15 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানক উদ্দেশ্যি ভাৰতৰ হুংকাৰ

editor by editor
September 2, 2026
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!
0
SHARES
305
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানৰ নৰোৱাল জিলাৰ ছিৰাজ গাঁৱত প্ৰায় ১০০ বছৰ পুৰণি এটা হিন্দু মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতে। এই ঘটনাক ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তীব্ৰ গৰিহণা দি সংখ্যালঘু লোকৰ ধৰ্মীয় স্থানৰ বিৰুদ্ধে সংঘটিত এক নিন্দনীয় ঘটনা বুলি অভিহিত কৰিছে। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে পাকিস্তানৰ ছিৰাজ গাঁৱৰ ঐতিহাসিক হিন্দু মন্দিৰ ধ্বংস কৰাৰ খবৰ ভাৰতে গুৰুত্বসহকাৰে লৈছে। তেওঁ কয় যে প্ৰায় এশ বছৰ পুৰণি সংখ্যালঘু লোকৰ এই উপাসনাস্থলীৰ ভঙা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ভাৰতে এই ঘটনাক স্পষ্টভাৱে গৰিহণা দিছে।

ভাৰতে মন্দিৰটো সুৰক্ষিত কৰি ৰখাত পাকিস্তানী কৰ্তৃপক্ষ ব্যৰ্থ হোৱা বুলিও প্ৰশ্ন উত্থাপন কৰিছে। ৰণধীৰ জয়ছৱালে কয় যে মন্দিৰটোৰ সুৰক্ষাৰ ক্ষেত্ৰত কৰ্তৃপক্ষৰ আপাত উদাসীনতা আৰু ব্যৰ্থতা যথেষ্ট চিন্তনীয়। তেওঁ কয় যে এনে ঘটনা পাকিস্তানত সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে সন্মুখীন হৈ অহা নিৰাপত্তাহীনতাৰ কথা পুনৰ মনত পেলাই দিয়ে। একে সময়তে এনে ঘটনাই সংখ্যালঘু লোকৰ ধৰ্মীয় স্বাধীনতা আৰু তেওঁলোকৰ উপাসনাস্থলীৰ সুৰক্ষাৰ ওপৰতো গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে।

এই ঘটনাৰ তাৎক্ষণিক আৰু স্বচ্ছ তদন্ত কৰিবলৈ পাকিস্তান চৰকাৰক দাবী জনাইছে ভাৰতে। মন্দিৰ ভাঙি পেলোৱাৰ ঘটনাত যিসকল দায়ী, তেওঁলোকক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী জনাইছে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। ইয়াৰ লগতে ঐতিহাসিক মন্দিৰটো পুনৰ নিৰ্মাণৰ বাবে পাকিস্তান চৰকাৰে শীঘ্ৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে বুলিও ভাৰতে দাবী জনাইছে। ৰণধীৰ জয়ছৱালে স্পষ্ট কৰি দিয়ে যে পাকিস্তান চৰকাৰৰ প্ৰধান দায়িত্ব হৈছে দেশখনৰ সকলো সংখ্যালঘু নাগৰিকৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰা। ইয়াৰ লগতে সংখ্যালঘু লোকসকলৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাটোও চৰকাৰৰ দায়িত্ব বুলি তেওঁ উল্লেখ কৰে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে পাকিস্তানত সংখ্যালঘু লোকৰ ধৰ্মীয় স্থানসমূহ সুৰক্ষিত কৰি ৰখাটো পাকিস্তান চৰকাৰৰ দায়িত্ব। কোনো ধৰ্মীয় স্থানত আক্ৰমণ বা ভাঙি-ছিঙি কৰাৰ ঘটনা সংঘটিত হ’লে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ভাৰতৰ মতে, ধৰ্মীয় স্থানসমূহ কেৱল উপাসনাৰ স্থানেই নহয়, সেইবোৰ এটা সম্প্ৰদায়ৰ ইতিহাস, সংস্কৃতি আৰু পৰম্পৰাৰ সৈতেও জড়িত। সেয়েহে ছিৰাজ গাঁৱৰ শতিকা পুৰণি মন্দিৰ ভাঙি পেলোৱাৰ অভিযোগৰ উচিত তদন্ত কৰি দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে মন্দিৰটো পুনৰ নিৰ্মাণৰ বাবে পাকিস্তানে পদক্ষেপ ল’ব লাগে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24pakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে
বিশ্ব

বিদ্যালয়ৰ ছাদ খহি নিমিষতে প্ৰাণ হেৰুৱালে ২১ শিক্ষাৰ্থীয়ে

October 15, 2026
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে
বিনোদন

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

October 15, 2026
মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’
অসম

মিঞাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ, ‘খিলঞ্জীয়াৰ ভূমি, মন্দিৰৰ মাটি দখল মিঞাৰ’

October 15, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী

October 15, 2026
Next Post
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.