অসম লাইভ২৪ঃ বলীউডত শ্বাহৰুখ খান আৰু ছলমান খানৰ বন্ধুত্বৰ কথা কোনে নাজানে? জীৱনৰ বহু উত্থান-পতনত এজনে আনজনক সহায় কৰিছে। ছলমানৰ ছবিত যদি কেতিয়াবা শ্বাহৰুখে কেমিঅ’ চৰিত্ৰ ৰূপায়ন কৰিছে, ছলমানেও শ্বাহৰুখৰ ছবিত একোটা কেমিঅ’ চৰিত্ৰ ৰূপায়ন কৰিছে।
আগন্তুক ২৫ জানুৱাৰীত মুক্তিলাভ কৰিব শ্বাহৰুখৰ বহু চৰ্চিত ছবি পাঠানে। তাৰপাছতেই মুক্তিলাভ কৰিব ছলমান খানৰ চিনেমা ‘কিছি কা ভাই কিছি কা জান’ ছবিৰ ট্ৰেইলাৰেও। প্ৰেক্ষাগৃহত পাঠান ছবিৰ সৈতে প্ৰদৰ্শিত হ’ব ভাইজানৰ নতুন ছবিৰ ট্ৰেইলাৰ। ইয়াৰোপৰি ছলমান অনুৰাগীসকলৰ বাবে পাঠানত আছে আন এটা চমক। পাঠান ছবিত ছলমানক এটা বিশেষ চৰিত্ৰত দেখা যাব।
সোমবাৰে সামাজিক মাধ্যমত এই খবৰ নিজেই দিছে ভাইজান ছলমানে। তেওঁ পোষ্টত ‘কিছি কা ভাই কিছি কি জান’ৰ পোষ্টাৰো। কিন্তু পোষ্টাৰটোত অভিনেতা ছলমানে তেওঁৰ সম্পূৰ্ণ চেহেৰাটো দাঙি ধৰা নাই। শ্বাহৰুখৰ দৰেই দীৰ্ঘ বিৰতিৰ অন্তত ৰূপালী পৰ্দালৈ উভতিছে ছলমানো। বলীউডত ভাইজানৰ শেষৰখন ছবি আছিল ‘অন্তিম’। অন্তিম মুকলি হৈছিল দুবছৰ পূৰ্বেই। চলিত বছৰৰ ঈদত মুক্তিলাভ কৰিব ছলমানৰ নতুন চিনেমাই। ছবিখনত অভিনয় কৰিছে পূজা হেগড়ে, ভেঙ্কটেশ প্ৰমুখকে ধৰি বহু জ্যেষ্ঠ অভিনেতাই।
এই ছবিৰ জৰিয়তেই বলীউডত খোজ পেলাইছে বিগ বছ-১৩ ৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেহনাজ গীল, শ্বেতা তিৱাৰীৰ কন্যা পালক তিৱাৰীয়ে। ফাৰহাদ চামজি পৰিচালিত এই ছবিৰ প্ৰযোজক ছলমান নিজেই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ