শনি হৈছে কৰ্মফলৰ দেৱতা। যিয়ে যি কাম কৰে তাৰেই ফল দিয়ে শনিয়ে। ভাল কাম কৰিলে যেনেকৈ শনিৰ কৃপা বৰ্ষিত হয় তেনেকৈ বেয়া কাম কৰিলে শনিয়ে নিৰ্দয়ভাৱে শাস্তি দিয়ে। ২৭ মে মঙলবাৰে শনি জয়ন্তী পালিত হব। এই বছৰ শনি জয়ন্তীত শনিয়ে ৩০ বছৰৰ পাছত মীন ৰাশিত গোচৰ কৰিছে। মীন হৈছে বৃহস্পতিৰ গ্ৰহ। অৰ্থাৎ তিনি দশকৰ পাছত গুৰুগ্ৰহ বৃহস্পতিৰ ঘৰলৈ আহিছে শনি। জানি থওক শনিৰ প্ৰিয় ৰাশি কি কি, এওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰে কৰ্মফলদাতা শনিয়ে।
বৃষ ৰাশি
ৰাশিচক্ৰৰ প্ৰথম যি ৰাশিত শনিৰ শুভ দৃষ্টি থাকে সেয়া হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। শুক্ৰ আৰু শনি পৰস্পৰৰ বন্ধু গ্ৰহ। সেয়ে শনিৰ সুপ্ৰভাৱ থাকে এই ৰাশিৰ জাতকৰ ওপৰত। শনিৰ কৃপাত সহজেই কেৰিয়াৰত সাফল্য আৰু সমৃদ্ধি লাভ কৰে তেওঁলোকে। শনি জয়ন্তীত শনিৰ কৃপাত এইবাৰ বিশেষ কোনো লাভ পাব পাৰে এওঁলোকে।
তুলা ৰাশি
শনিৰ দ্বিতীয় প্ৰিয় ৰাশি হৈছে তুলা। তুলা হৈছে শনিৰ উচ্চৰাশি। ইয়াৰোপৰি তুলাৰো অধিপতি গ্ৰহ হৈছে শুক্ৰ। শুক্ৰ আৰু শনি মিত্ৰ গ্ৰহ হোৱাত গ্ৰহৰাজৰ কৃপাত সহজেই উন্নতি কৰিব পাৰে তুলা ৰাশিৰ জাতকে। এওঁলোকে চাকৰি কৰক বা ব্যৱসায় সকলোতে উন্নতি কৰিব পাৰে। শনিৰ কৃপাত এওঁলোকৰ সাৰেসাতি আৰু ধাইয়া দশাতো খুব এটা কষ্ট নহয়।
মকৰ ৰাশি
শনিৰ তৃতীয় প্ৰিয় ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি নিজেই। শনিৰ কৃপাত মকৰ ৰাশিৰ জাতকে কঠোৰ পৰিশ্ৰমী আৰু ডিছিপ্লিন মানি চলে। শনিয়ে এওঁলোকক সকলো সুযোগ সুবিধা দিয়ে। এওঁলোকে সকলো কামতেই সাফল্য লাভ কৰে। শনিৰ চাৰেসাতি আৰু ধাইয়াতো এওঁলোক বেছি সমস্যাত নপৰে। শনিৰ প্ৰভাৱ এওঁলোকৰ ওপৰত ভালধৰণেই পৰে।
কুম্ভ ৰাশি
শনিৰ প্ৰিয় ৪ৰাশিৰ মাজত চতুৰ্থটো হৈছে কুম্ভ। এই ৰাশিৰো অধিপতি গ্ৰহ হৈছে শনি। ইয়াৰোপৰি কুম্ভ হৈছে শনিৰ মূল ত্ৰিকোণ চিহ্ন। শনিৰ কৃপাত কুম্ভ ৰাশিৰ জাতক যেনেকৈ পৰিশ্ৰমী হয় তেনেকৈ সহজে সকলোৰে সৈতে মিলামিছাও কৰিব পাৰে। এওঁলোক পৰিশ্ৰমী আৰু বুদ্ধিমান। শনিৰ সুপ্ৰভাৱত সহজে সম্পদ আৰু সমৃদ্ধি লাভ কৰিব পাৰে এওঁলোকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















