অসম লাইভ ২৪ঃ হাওঁফাওঁৰ কর্কট ৰোগত আক্ৰান্ত বলীউডৰ অভিনেতা সঞ্জয় দত্ত। তেওঁৰ ৰোগ বর্তমান ষ্টেজ-৪ত আছে। নিউয়র্কৰ হাস্পতালত ভর্তি হ’ব অভিনেতাগৰাকী। য’ত তেওঁৰ মাতৃ নাৰগিছ দত্তয়ো কর্কট ৰোগৰ চিকিৎসা কৰিছিল। আমেৰিকালৈ উৰা মৰাৰ আগতে দেওবাৰে মুম্বাইৰ এখন হাস্পতালত কিছু পৰীক্ষা কৰে বলীউডৰ মুন্না ভায়ে। উল্লেখযোগ্য যে চলিত বর্ষত মাত্ৰ কিছুদিনৰ ব্যৱধানত কর্কট ৰোগত আক্ৰান্ত হৈ বলীউডৰ দুই খ্যাতনামা অভিনেতা ঋষি কাপুৰ আৰু ইৰফানৰ খানৰ মৃত্যু হৈছিল। দীর্ঘদিন ধৰি বিদেশত উন্নত চিকিৎসা কৰিও দুয়োগৰাকী অভিনেতা সুস্থ হৈ নুঠিল। এইবাৰ সেই মাৰাত্মক ৰোগত আক্ৰান্ত সঞ্জয় দত্ত। সকলোৱে কামনা কৰিছে মুন্না ভায়ে সোনকালে চিকিৎসা কৰি সুস্থ হৈ পুনৰ বলীউডলৈ উভতি আহক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ