মন্দিৰৰ দানপাত্ৰ খুলি হতবাক, দানত উঠিল ১৭ কোটি টকা, বহু সোণ-ৰূপৰ বিস্কুট, টকা গণি কৰিব নাই শেষ
ভাৰতৰ এটা মন্দিৰ, যি মন্দিৰৰ দানপাত্ৰ খুলি আচৰিত হৈ পৰে মন্দিৰ কৰ্তৃপক্ষ। মাহৰ মূৰত এবাৰ খোল খোৱা দানপাত্ৰত এইবাৰ একেলগে ওলাল ১৭ কোটি টকাৰো অধিক লগতে ১৫ খন সোণৰ বিস্কুট আৰু বহুতো কিবা কিবি।
ৰাজস্থানৰ প্ৰসিদ্ধ সাৱলীয়া শেঠ মন্দিৰত এইদৰে ওলাল কোটি কোটি নগদ ধন। টকা গণি শেষ কৰিব পৰা নাই মন্দিৰ কৰ্তৃপক্ষ। প্ৰতিদিনে ৰাজস্থানৰ চিত্তৰগড় জিলাৰ বিখ্যাত কৃষ্ণ ধাম সাৱলীয়া শেঠ মন্দিৰত উপস্থিত হয় লাখ লাখ ভক্ত।
নিজৰ ভক্তি অনুযায়ী ভক্তসকলে ইয়াত ভগৱানৰ চৰণত প্ৰসাদ আগবঢ়ায়। মন্দিৰৰ ভঁৰাল অৰ্থাৎ দানপাত্ৰ প্ৰতিমাহে খোলা হয়, য’ৰ পৰা নগদ ধন আৰু কোটি কোটি টকাৰ সোণ-ৰূপৰ গহনা ওলাই আহে।
https://x.com/Rajasthanfirst_/status/1800388603324829811
এইবাৰো খোলা দানপাত্ৰত নগদ ধন, সোণ আৰু ৰূপৰ গহনা আৰু সোণৰ বিস্কুট পোৱা গৈছে। নগদ ধনৰ কথা ক’বলৈ গ’লে প্ৰায় ১৭ কোটি টকা আৰু মুঠ খনটা সোণৰ বিস্কুট পোৱা গৈছে। এই পৰিমাণ ৪টা কৈ কৰা ৰাউণ্ডৰ গণনাত প্ৰকাশ পাইছে।
ইয়াৰ উপৰিও অনলাইন আৰু সভাকক্ষৰ পৰা ৩ কোটি ৬৪ লাখ ৮৯ হাজাৰ টকা দানত আহে। সৰ্বমুঠ ১৭ কোটি ১২ লাখ ৭৪ হাজাৰ ৯৮৪ টকা দান হিচাপে আহে সাৱলীয়া শেঠ মন্দিৰলৈ। দানৰ সেই টকা গণনাৰ ভিডিঅ’ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
ইয়াৰ উপৰিও ভক্তই ১০০ গ্ৰামকৈ থকা ১৫টখন সোণৰ বিস্কুট আগবঢ়াযইছে। গহনাৰ কথা ক’বলৈ গ’লে এইবাৰ দান কৰা সোণৰ বিস্কুট আৰু মন্দিৰলৈ আগবঢোৱা উপহাৰৰ সোণ যোগ কৰি ১ কেজি ৮৪৯ গ্ৰাম ৫১০ মিলিগ্ৰাম পোৱা গৈছে। একে সময়তে এইবাৰ লাভ কৰিছে অভিলেখ সংখ্যক ৰূপ। ৬৮ কেজি ৬ গ্ৰাম ৫০০ মিলিগ্ৰাম ৰূপৰ গহনা পোৱা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ