জ্যোতিষ অনুযায়ী শনিয়ে সকলোতকৈ ধীৰগতিত বিচৰণ কৰি থাকে৷ এটা এটা ৰাশি সলনি কৰিবলৈ শনিৰ প্ৰায় আঢ়ৈ বছৰ সময় লাগে৷ এই ৰাশিৰ পৰিবৰ্তনৰ ওপৰিও নিৰ্দিষ্ট সময়ৰ অন্তৰালত শনিয়ে নক্ষত্ৰও পৰিবৰ্তন কৰি থাকে বৰ্তমান কুম্ভ ৰাশিত বক্ৰীগতিত শনিয়ে অৱস্থান কৰি আছে৷ ১৯ আগষ্টত বক্ৰীগতিতেই পূৰ্বা ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত প্ৰৱেশ কৰিছে এই গ্ৰহই৷ ২৭ টা নক্ষত্ৰৰ মাজত ২৫তম নক্ষত্ৰ হৈছে পূৰ্বা ভাদ্ৰপদ নক্ষত্ৰ৷ এই নক্ষত্ৰৰ অধিপতি দেৱগুৰু বৃহস্পতি৷
১৮ আগষ্টৰ নিশা ১০ বাজি ৩ মিনিটত পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত আহিছে শনি৷ ৩অক্টোবৰ পৰ্যন্ত এই ঠাইতেই অৱস্থান কৰিব কৰ্মফলদাতাই৷ শনিৰ এই নক্ষত্ৰ গোচৰৰ ফলত পাঁচ ৰাশিৰ জাতক বিশেষভাৱে লাভৱান হ’ব৷ কাৰ কাৰ ভাগ্যোন্নতিৰ যোগ জানি লওক সবিশেষ৷
মিথুন ৰাশি
পূৰ্বা ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়চ শনিৰ প্ৰৱেশে মিথুন ৰাশিৰ জাতকৰ বাবে লাভজনক ফল আনিব৷ দীৰ্ঘদিন ৰৈ থকা কাম পুনৰায় আৰম্ভ কৰিব পাৰে৷ জীৱনত ইতিবাচক প্ৰভাৱ পৰিব৷ বৌদ্ধিক ক্ষমতাৰ কাৰণে বিভিন্ন ক্ষেত্ৰত সাফল্য লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ চাকৰিয়াল জাতকে সন্মান লাভ কৰিব৷ শাৰীৰিক আৰু মানসিক অৱসাদৰ পৰা মুক্তি পাব এই ৰাশিৰ জাতকে৷ দীৰ্ঘদিন ধৰি চলি থকা সমস্যা এইবাৰ দূৰ হ’ব৷ জীৱনত আনন্দৰ আগমন ঘটিব৷
কন্যা ৰাশি
শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ ফলত কন্যা ৰাশিৰ জাতক লাভাম্বিত হ’ব৷ আইনী গোচৰত জয়ী হ’ব এই ৰাশিৰ জাতক৷ ব্যৱসায়ীয়ে সুসংবাদ পাব পাৰে৷ ব্যৱসায় বৃদ্ধিৰ যোগ আছে৷ এই সময়ত আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ কামৰ কাৰণে যাত্ৰা কৰিব পাৰে৷ স্বাস্থ্যৰ যত্ন ৰাখক৷
তুলা ৰাশি
শনিৰ গোচৰৰ ফলত তুলা ৰাশিৰ জাতক লাভাম্বিত হ’ব৷ কেৰিয়াৰত দীৰ্ঘদিনৰ সমস্যা থাকিলে তাৰপৰা মুক্তি পাব এই ৰাশিৰ জাতকে৷ ইয়াৰোপৰি নতুন চাকৰিৰ সুযোগ পাব৷ চাকৰিৰ ওপৰিও ব্যৱসায় আৰু অন্য উৎসৰ পৰা ধনলাভ কৰিব পাৰে৷ আয়ৰ উৎস উন্মুক্ত হ’ব৷ পাবলগীয়া ধন উভতাই পাব এই ৰাশিৰ জাতকে৷ কঠিন পৰিশ্ৰমৰ ফল লাভ কৰিব৷ সমস্ত ইচ্ছাপূৰণ হ’ব৷ বন্ধুবৰ্গৰ পূৰ্ণ সমৰ্থন পাব৷ তেওঁলোকৰ মাধ্যমেৰে ধনলাভ সম্ভৱ৷ অৰ্থাভাৱ দূৰ হ’ব৷ অপ্ৰয়োজনীয় ব্যয়ৰ পৰা মুক্তি পাব৷ অৰ্থ সঞ্চয়ত সফল হ’ব৷ বাহন, সম্পত্তি ক্ৰয়ৰ সপোনো পূৰ্ণ হ’ব৷
বৃশ্চিক ৰাশি
পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ প্ৰথম পৰ্যায়ত অহাৰ পাছতেই শনিয়ে বৃশ্চিক জাতকক লাভ প্ৰদান কৰিব৷ বহু বছৰ ধৰি ৰৈ থকা কাম এই সময়ত আৰম্ভ হ’ব৷ ধন সম্পত্তি বৃদ্ধিৰ সম্ভাৱনা আছে৷ ইয়াৰ ফলত আপোনাৰ অৰ্থাভাৱ দূৰ হ’ব আৰু আৰ্থিক পৰিস্থিতিও মজবুত হ’ব৷ মাতৃৰ স্বাস্থ্যোন্নতি সম্ভৱ৷ এই ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে শনিৰ নক্ষত্ৰ পদ পৰিবৰ্তন অত্যন্ত শুভ ফলদায়ী৷ ব্যৱসায়ত উন্নতিৰ যোগ আছে৷
কুম্ভ ৰাশি
শনিৰ নক্ষত্ৰৰ পদ পৰিবৰ্তন কুম্ভৰ জাতকৰ বাবেও লাভজনক৷ এই ৰাশিত শনিৰ শেষ পৰ্যায় চলিছে৷ দেৱগুৰুৰ মাধ্যমেৰে এই ৰাশিৰ জাতকক শুভ ফল দান কৰিব শনিয়ে৷ এই ৰাশিৰ জাতকৰ সুখ সুবিধা বৃদ্ধি পাব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম এই সময়ত সম্পূৰ্ণ হ’ব৷ স্বাস্থ্য সমস্যাৰ পৰা মুক্তি পাব৷ নতুন উৎসাহৰ সৈতে আগুৱাই যাব এই ৰাশিৰ জাতক৷ বৃহস্পতিৰ প্ৰভাৱত ধনলাভৰ যোগ আছে এই ৰাশিৰ জাতকৰ৷ ইয়াৰোপৰি অৰ্থ সঞ্চয় কৰিবলৈকো সক্ষম হ’ব৷ অপ্ৰয়োজনীয় ব্যয়ৰ পৰা মুক্তি পাব৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব এই ৰাশিৰ জাতকৰ৷ জীৱনত ডাঙৰ লক্ষ্যৰ দিশে অগ্ৰসৰ হোৱাসকলে সফলতা পাব৷ আয়ৰ নতুন উৎস পাব৷ সুখ সমৃদ্ধি লাভ সম্ভৱ৷ জীৱনত আনন্দ থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ