হিন্দু ধৰ্মত শাওন মাহক অতি পবিত্ৰ মাহ বুলি ধৰা হয়৷ এই মাহত শিৱক আৰাধনা কৰে প্ৰায়সংখ্যক হিন্দু লোকেই৷ লোকবিশ্বাস মতে ভক্তসকলে পূৰ্ণ নিষ্ঠাৰে শাওণ মাহত শিৱক আৰাধনা কৰিলে ভোলানাথৰ আশীৰ্বাদ লাভ কৰে৷ জ্যোতিষ শাস্ত্ৰমতে এইবাৰ শাওন মাহত ৮টা সোমবাৰ পৰিছে৷
লোকবিশ্বাস মতে এই মাহত কি কি কাম কৰিলে শিৱৰ আশীৰ্বাদ লাভ কৰিব?
শাওণ মাহত প্ৰতিদিনে পুৱা উঠিয়েই গা ধুৱক৷ ইয়াৰ পাছতেই শিৱ মন্দিৰত গৈ জলাভিষেক কৰিব৷ শিৱলিংগত পানী ঢলাৰ পাছত ক’লা তিল অৰ্পণ কৰিব৷ এইধৰণে তিল আগবঢ়োৱাৰ পাছত ভোলানাথৰ মন্ত্ৰ জপ কৰিব৷ এনেকৈ সদায়ে জপ কৰিলে মানসিক শান্তি লাভ কৰিব৷ ধৰ্মীয় বিশ্বাস অনুসৰি প্ৰতিদিনে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব লাগে৷ এই জপ কৰিলে সমস্ত মানসিক অশান্তি দূৰ হয় বুলি বিশ্বাস৷ যিসকলৰ পাৰিবাৰিক অশান্তি আছে তেওঁলোকে শাওন মাহত দৈনিক পুৱা ধূপ জ্বলাই গোমূত্ৰ ছটিয়াই ঘৰ পৰিষ্কাৰ কৰক৷ এনেকৈ কৰিলে ঘৰত একাত্মবোধতা তৈয়াৰ হয়৷
যিসকলৰ বিবাহত বাধা আছে তেওঁলোকে এই মাহত শিৱলিংগত কেশৰ মিশ্ৰিত গাখীৰ দান কৰিব পাৰে৷ তেনেকৈ শিৱলিংগত গাখীৰ থাকিলে অচিৰেই বিবাহ হ’ব এইসকল ব্যক্তিৰ৷ আৰ্থিক সংকটত থাকিলে শাওন মাহত শিৱ মন্দিৰত গৈ বেলপাত আৰু ধতুৰা নিবেদন কৰিলেই এই সমস্যাৰ সমাধান হয়৷ কথিত যে, মহাদেৱৰ দুবিধ সামগ্ৰী খুবেই প্ৰিয়৷ এবিধ ধতুৰা আৰু আনটো বেলপাত৷ পিতৃদোষৰ পৰা মুক্তি লাভ কৰিবলৈ দৰিদ্ৰ মানুহক শাওন মাহত খাদ্য দিব পাৰে৷ পিতৃপুৰুষৰ আত্মাই এনে কৰিলে শান্তি পায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ